৫০ পইচাৰ পৰা ১০ টকীয়া সকলো মুদ্ৰাই বৈধ, স্পষ্টিকৰণ দিলে RBI য়ে

 06/27/2019 - 14:52

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে বহুদিন ধৰি প্ৰচলিত মুদ্ৰাৰ ওপৰত দেশৰ নাগৰিকৰ মাজত থকা শংকা দূৰ কৰে। ৰিজাৰ্ভ বেংকে উল্লেখ কৰে যে দেশত প্ৰচলিত ৫০ পইচা, ১ টকীয়া, ২ টকীয়া, ১০ টকীয়া সকলো মুদ্ৰাই বৈধ। দেশৰ জনসাধাৰনে এই মুদ্ৰাসমূহ কোনো ধৰণৰ প্ৰশ্ন উত্থাপন নকৰাকৈ গ্ৰহণ কৰিব লাগিব।

ৰিজাৰ্ভ বেংকে কয় যে দেশৰ জনসাধাৰণৰ লেন–দেন সহজ কৰি তুলিবলৈ সময়ে সময়ে মুদ্ৰা কিছু সালসলনি কৰা হয়। কিন্তু এই সালসলনিসমূহ বিভিন্ন ধৰণৰ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক দিশত প্ৰভাবিত হৈহে গ্ৰহণ কৰে বুলি ৰিৰ্জাভ বেংকে প্ৰকাশ কৰে। লগতে এই কথাও উল্লেখ কৰে যে ৰ্দীঘদিন ধৰি প্ৰচলন হৈ থকা মুদ্রা মাজে মাজে নতুন নতুন ডিজাইন আৰু আকাৰত নিৰ্মাণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।