বিহাৰত ২৪ ঘণ্টাত বজ্ৰপাতৰ ফলত ৩০ জনৰ মৃত্যু

 06/27/2019 - 15:12

ডিজিটেল ডেস্কঃ বিহাৰৰ বিভিন্ন প্ৰান্তত ২৪ ঘণ্টাৰ ভিতৰত বজ্ৰপাতৰ ফলত ৩০ জনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। এই বিষয়ে জানিবলৈ দিয়ে বিহাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এগৰাকী বিষয়াই। বিভাগটোৱে জনোৱা মতে বজ্ৰপাতৰ ফলত ভাগলপুৰত ৬জন, বেগুছৰাইত ৪জনৰ মৃত্যু হয়।

তদুপৰি সহৰছা, পুৰ্ণিয়া, অৰৰিয়া, জমুই, দৰভংগা, মধোপুৰা, খগড়িয়া, কটিহাৰ, মধুবনী, পূব চম্পাৰণ, শিৱহৰ, নৱাদা আৰু গয়া এলেকাত বজ্ৰপাতৰ ফলত বহুকেইজন লোকে মৃত্যুক সাৱতিব লগা হৈছে। ইফালে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাতৰ ফলত ৩০জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিহতসকলৰ পৰিয়ালক ৪লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।