টীয়ক চিকেবি মহাবিদ্যালয়ত সকলোৰে চকুত চকুলো : ‘মা’-য়ে অন্তৰ চুই গ'ল বহুজনৰ

 06/27/2019 - 15:46

 টীয়কঃ টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত সকলোৰে চকুত চকুলো৷ মুঠৰ ওপৰত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত কান্দোনৰ ৰোল উঠিছে৷ এই দৃশ্য বুধবাৰৰ৷ উত্তৰ লক্ষীমপুৰ নকাড়ীৰ মেচাৰ্চ জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী গোবিন বৰদলৈৰ 'মা" অনুষ্ঠানে টীয়ক চন্দ্ৰ কমল বেজবৰুৱাৰ মহাবিদ্যালয়ত উপস্থিত সকলোৰে অন্তৰ চুই যায়‌। মাতৃ সুৰক্ষা, অন্ধ বিশ্বাস, আৰু সামাজিক ব্যাধি দূৰীকৰণ, নিচাযুক্ত হানিকাৰক দ্ৰব্য নিবাৰন ইত্যাদি‌ উদেশ্যৰে "মা" অনুষ্ঠান জন্ম দিয়া উত্তৰ লক্ষিমপুৰৰ গোবিন বৰদলৈয়ে এই অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে অনুষ্ঠিত কৰি অহা বুলি জানিবলৈ দিয়ে।

‘মা’ৰ মহত্ত্ব আৰু ত্যাগৰ কথা সুঁৱৰি টীয়কৰ ৭০ গৰাকী মাতৃক উপহাৰ দি সেৱালৈ শ্ৰদ্ধা জনায়৷ উত্তৰ লক্ষিমপুৰৰ গোবিন বৰদলৈয়ে বহু ত্যাগ আৰু ঘাত প্ৰতিঘাতৰ মাজেৰে প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ যাত্ৰাত মাতৃৰ বৰঙনিক স্বীকাৰ কৰি সুদীৰ্ঘ কালৰ পৰা এইদৰে প্ৰতিমাহে অসমৰ ভিন্ন প্ৰান্তত এইদৰে মাতৃ সেৱা কৰি আহিছে৷ সমাজত ঘটি অহা মাতৃ নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে শিক্ষাৰ্থীৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে হাতত লোৱা এই কাৰ্যসূচীত গোবিন বৰদলৈয়ে জানিবলৈ দিয়ে যে মাতৃৰ আৰ্শীবাদ অবিহনে আমি জীৱনত আগবাঢ়িব নোৱাৰো। বস্ত্ৰ প্ৰদান কৰা মোৰ উদ্দেশ্য নহয়৷ নৱ প্ৰজন্মক পিতৃ-মাতৃৰ প্ৰতি অধিক দায়বদ্ধ কৰাৰ উদ্দেশ্যৰে মই এই অনুষ্ঠান কৰিছো আৰু মাতৃসকলক মোৰ ফালৰ পৰা এটা সামান্য উপহাৰ আগবঢ়াইছো।

মনকৰিবলগীয়া যে মাত্ৰ ১৭ বছৰ বয়সতে এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হোৱা আৰু বৰ্তমানো পংগু জীৱন কটোৱা গোবিন বৰদলৈয়ে একমাত্ৰ মাতৃৰ আৰ্শীবাদ শিৰত লৈ স্বাধীন ব্যৱসায়ৰ জৰিয়তে তেওঁ লগত কাম কৰা  ত্ৰিশটাকৈ পৰিয়ালৰ ত্ৰাণকৰ্তা হিচাপে বিবেচিত হৈছে। মাতৃৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবেই গোবিন বৰদলৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ২৮ টা বছৰে এই সজাগতা অনুষ্ঠান আয়োজন কৰি সমগ্ৰ মাতৃসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। চিকেবি কলেজৰ উপাধ্যক্ষা মামণি গগৈয়ে আঁতধৰা আৰু অধ্যক্ষ ড°বিজয় কৃষ্ণ পাচনীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত টীয়ক হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কিৰণ চন্দ্ৰ গোস্বামী , জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ বিমল বৰা,চিকেবি কলেজৰ পৰিচালনা সমিতিৰ সভাপতি দিপক শৰ্মা, জ্যেষ্ঠ নাগৰিক অশোক বৰা, জুনিয়ৰ কলেজৰ অধ্যক্ষ ড° ধীৰেন কলিতা, আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।