নগাঁৱত কোনে মাৰিব শেষ হাঁহি

 03/17/2019 - 13:31

ডিজিটেল ডেস্ক: অনিশ্চয়তাত মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰাৰ্থিত্ব। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতাৰ লগতে সংঘাতৰ পৰিৱেশ এটাৰো সৃষ্টি হৈছে। শেহতীয়াকৈ, আন কিছুমান সমষ্টিৰ দৰে নগাঁৱতো বিজেপিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ সম্ভাৱনা বৃদ্ধি পাইছে।

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকাত বিধায়ক ৰূপক শৰ্মাৰ লগতে বিধায়িকা আঙুৰলতা ডেকাৰ নামো অন্তৰ্ভুক্ত হৈছে। ইপিনে, বিধায়ক ৰূপক শৰ্মাৰ নাম প্ৰাৰ্থী তালিকাত অন্তৰ্ভুক্ত হোৱাত একাংশ দলীয় কৰ্মী উৎফুল্লিত হৈ পৰিলেও এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী ৰাজেন গোহাঁয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, ৰাজেন গোহাঁইয়ে সংবাদ মাধ্যমৰ আগত ৰূপক শৰ্মাক ৰাস্তাৰ পৰা ৰাজনীতিলৈ অনা বুলি মন্তব্য কৰে। তদুপৰি, মন্ত্ৰী গোহাঁইয়ে তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’লে আন কোনো প্ৰাৰ্থী নগাঁৱৰ পৰা জয়ী হ’ব নোৱাৰে বুলিও স্পষ্ট মন্তব্য দাঙি ধৰে।

আনহাতে, গোহাঁইৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শৰ্মাই ৰাজেন গোহাঁই বিজেপিৰ বহু পুৰণি আৰু দলটোৰ বাবে ত্যাগ কৰা নেতা বুলি মন্তব্য কৰে। কিন্তু শৰ্মাই এই মুহূৰ্তত নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত কৰাটোৱে প্ৰধান লক্ষ্য বুলি সোঁৱৰাই দিয়ে।

তদুপৰি, ৰূপক শৰ্মাই বিধায়ক নিৰ্বাচিত হোৱাৰ আগৰে পৰা সামাজিক আৰু সাংস্কৃতিক জগতখনৰ বাবে কাম কৰি প্ৰতিষ্ঠা লাভ কৰিছে আৰু শৰ্মাই নিজে সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচৰা নাই বুলিও স্পষ্ট কৰি দিয়ে। নগাঁৱত বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ ফলত দলটো যে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

ৰাজেন গোঁহাইৰ টিকটকলৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ পাছতে নগাঁৱত বিজেপি কৰ্মীসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোহাঁইৰ বিৰুদ্ধে যৌন কেলেংকাৰিকে ধৰি বিভিন্ন অভিযোগৰ বাবে ভিতৰি অসন্তুষ্ট হৈ থকা দলীয় কৰ্মীসকলে এইবাৰ পৰিৱৰ্তনৰ সপক্ষে মত প্ৰকাশ কৰিছে।

ইপিনে, ৰূপক শৰ্মা আৰু ৰাজেন গোঁহাইৰ মাজত চলি থকা শীতল যুঁজখন পোহৰলৈ অহাৰ পাছতে আনগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী আঙুৰলতা ডেকাই অৱশেষত প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনীয়তাৰ কথাও নুই কৰা নাই সচেতন মহলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।