হোজাই জিলাৰ নখুটিত ভুৱা বন কৰ্মীৰ সন্ত্ৰাস

 06/27/2019 - 16:02

লামডিংঃ লামডিং সমষ্টিৰ অন্তৰ্গত নখুটি খণ্ড বন বিষয়া মনোজ শৰ্মাৰ নেতৃত্বত যোৱা ২১ জুনত লামডিং বনাঞ্চলত গোপন সুত্ৰৰ পম খেদি দুটাকৈ হেণ্ড চুয়িং মেচিন জব্দ কৰিবলৈ সক্ষম হয়। উক্ত মেচিন চাবলৈ যোৱা এজন স্থানীয় লোকক খাকী ইউনিৰ্ফম পৰিধান কৰা আব্দুল কালাম নামৰ এজন ভুৱা বন কৰ্মীয়ে মাৰ-ধৰ কৰাত স্থানীয় ৰাইজে উক্ত ভুৱা বন কৰ্মীজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠি খণ্ড বন বিষয়া মনোজ শৰ্মাৰ লগতে চাৰিজন বন কৰ্মী আৰু আব্দুল কালামক বহু সময় আবদ্ধ কৰি ৰাখে।

অৱশেষত নখুটি আৰক্ষীয়ে কোনোমতে ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰি আনে বন বিষয়া মনোজ শৰ্মা তথা ভুৱা বন কৰ্মী আব্দুল কালামক। বনমন্ত্রী পৰিমল শুক্ল বৈদ্যৰ বিভাগত কোনে আৰু কেনেকৈ আব্দুল কালামক খাকী ইউনিৰ্ফম দিলে আৰু বন বিভাগে কিয় আব্দুল কালামক লগত লৈ গৈছিল বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় ৰাইজে এই সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনাইছে।

এই সমগ্ৰ ঘটনাৰ ওপৰত ভুৱা বন কৰ্মী আব্দুল কালামৰ হাতত আহত হোৱা আছাব উদ্দিনে খণ্ড বন বিষয়া মনোজ শৰ্মাৰ লগতে আব্দুল কালামৰ বিৰুদ্ধে নখুটি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।