গোৰেশ্বৰত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ সজাগতা সভা

 06/27/2019 - 16:36

গোৰেশ্বৰঃ ভূটান সীমান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰপৰা জনাঞ্চললৈ অহা হাতীৰ জাকে তচ নচ কৰে গঞাক৷ এইবাৰ হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ সজাগতা সভা অনুষ্ঠিত কৰিছে বনবিষয়াসকলে৷ গঞাক হাতীৰ পৰা ৰক্ষাৰ্থে বিতৰণ কৰিছে সামগ্ৰী৷ বাক্সাৰ ওৰাংবস্থি এল পি স্কুলত অনুষ্ঠিত এক সভাত গোৰেশ্বৰ বন বিষয়াসকলে হাতী খেদিবলৈ টৰ্চ ফটকা বোম বিতৰণ কৰে৷ সভাত উপস্থিত থাকে বাক্সাৰ বন বিষয়া ভৱেশ দাস৷

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলি অহা বন্যহস্তী-মানুহৰ সংঘাত নিৰাময়ৰ উদ্দেশ্যেৰে আজি বাক্সা জিলা বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় সভা| জিলাখনৰ তামুলপুৰ, গোৰেশ্বৰ বন শিবিৰৰ বীট অফিচাৰ মৃদুল ৰহমানে আঁত ধৰে তথা দেওচুঙা এলিফেণ্ট স্কোৱাড কমিটীৰ সভাপতি বংশী নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বাক্সা জিলাৰ বন বিষয়া ভৱেশ দাসে শেহতীয়াভাৱে জিলাখনত চলি অহা হাতী-মানুহৰ সংঘাতত উদ্বিগ্নতা প্ৰকাশ কৰি বন্যহস্তীৰ উপদ্ৰৱৰ বাবে প্ৰধানতঃ মানুহকে দোষাৰোপ কৰে।

হাতী আহিলেই মানুহে ষাঠি, জোং, টায়াৰ আদি লৈ হাতীক আক্ৰমণ কৰিৱলৈ যোৱাৰ বাবেহে বন্যপ্ৰাণী বিধো আক্ৰমণাত্মক হৈ পৰে বুলি কয়। তদুপৰি জিলাখনৰ অধিকাংশ বনভূমি সম্প্ৰতি বেদখনৰ কৱলত পৰা বুলি উল্লেখ কৰি মানুহে নিজৰ সুবিধাৰ বাবে বনভূমি সংকুচিত কৰি অহাৰ ফলত বন্যপ্ৰাণীৰ সৈতে মানুহৰ সংঘাত বৃদ্ধি পাই অহা বুলি উল্লেখ কৰে।

লগতে তেওঁ বন্যপ্ৰাণী জনাৰণ্যলৈ সোমাই আহিলেও মানুহে এই ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ কৰি বনাঞ্চলৈ পঠিওৱাৰ হে ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰে। সভাৰ সৈতে সংগতি ৰাখি স্থানীয় লোকৰ মাজত ফটকা, টৰ্চলাইট, সৌৰচাকি আদিও বিতৰণ কৰে। সভাত তামুলপুৰৰ বনাঞ্চলিক বিষয়া কেশৱ ব্ৰহ্মও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।