প্ৰেম বিবাহৰ স্বীকৃতি বিচাৰি আমৰণ অনশনত বহিল প্ৰেমিকা

 06/27/2019 - 16:49

ডিজিটেল ডেস্কঃ প্ৰেমৰ নামত অথন্তৰ৷ প্ৰেম বিবাহৰ স্বীকৃতি বিচাৰি আমৰণ অনশনত বহিল প্ৰেমিকা৷ কিছুদিন পূৰ্বে পশ্চিমবংগত এজন যুৱকে প্ৰেমিকাৰ ঘৰৰ সন্মুখত ৭ বছৰীয়া প্ৰেমৰ প্ৰতিদান বিচাৰি ধৰ্ণাত বহিছিল৷ উপায়ন্তৰ হৈ প্ৰেমিকাই সন্মতি জনাইছিল বিয়াত। প্ৰতিবাদৰ অন্তত সম্পন্ন হৈছিল দুয়োৰে বিবাহ। সমগ্ৰ দেশতে ছচিয়েল মিডিয়াৰ জৰিয়তে এই ঘটনা বিয়পি পৰিছিল৷ এইবাৰ পশ্চিমবংগৰে আন এক ঘটনা পোহৰলৈ আহিছে৷ এইবাৰ প্ৰেমিক নহয়, আমৰণ অনশনত বহিল প্ৰেমিকা।

আলিপুৰদুৱাৰৰ ফালাকাটা ব্লকৰ দক্ষিণ দেওগাঁৱত অনশনত বহিল এগৰাকী যুৱতী। প্ৰেমিক ইমৰাণ হাছানৰ ঘৰৰ সন্মুখত প্লেকাৰ্ড হাতত লৈ ধৰ্ণাত বহিল যুৱতীগৰাকী। প্ৰেমিকাৰ ঘৰ ধূপগুৰিৰ সাকোৱাঝোৰত। প্ৰেমিকা ৰুণী পাৰবিনৰ দাবী, দীৰ্ঘদিনীয়া প্ৰেমৰ পিছত আদালতত বিবাহকাৰ্য সম্পন্ন হৈছিল দুয়োৰে। কিন্তু যুৱতীগৰাকীক সামাজিকভাৱে পত্নীৰ স্বীকৃতি দিবলৈ অমান্তি হৈছে প্ৰেমিক। সেয়েহে এতিয়া সামাজিকভাৱে বিয়াৰ দাবীত প্ৰেমিকৰ পদূলিত ধৰ্ণাত বহিছে প্ৰেমিকা। বিয়াৰ পঞ্জীয়ন প্ৰমাণপত্ৰও লগত আনিছে প্ৰেমিকাই। ইতিমধ্যে এই ঘটনাও সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।