শিমলুগুৰিত চুৰি সামগ্ৰীসহ চোৰ আটক

 06/27/2019 - 16:52

নাজিৰাঃ শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষীৰ জালত সোণ চোৰ। মৰাণৰ তিলৈৰ নিবাসী নুৰুল হকৰ ঘৰৰ পৰা ৰাজু ইছলাম নামৰ এটা চোৰে সোণৰ খাৰু, ফুলি আৰু আঙঠিৰ লগতে এডাল চেইন চুৰি কৰি লামডিং অভিমুখে ৰে’লেৰে গৈ থাকোতেই আৰক্ষীয়ে গোপন তথ্যৰ পম খেদি শিমলুগুৰি ৰে'লৱে জংচনৰ পৰা চোৰটোক আটক কৰিবলৈ সক্ষম হয়।

ধৃত ৰাজু ইছলাম নামৰ চোৰটোৰ ঘৰ শিলচৰৰ চৰালিপুৰত। ধৃত চোৰটো বৰ্তমান শিমলুগুৰি আৰক্ষীৰ জিম্মাত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।