যোৰহাটত ব্যৱসায়ীৰ প্ৰহাৰত আহত ৰিক্সাচালক

 06/27/2019 - 16:59

যোৰহাটঃ বুধবাৰে বিয়লি যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ ৰুবুল বৰা নামৰ এজন ৰিক্সাচালকে সুৰামত্ত হৈ সঞ্জীৱনী নাৰ্চিং হোমৰ সমীপৰ বৰ্ণা নামৰ এখন ফাষ্ট ফুডৰ বিপনীত কল্ড’ড্ৰিংকচ কিনিবলৈ আহে। ফাষ্ট ফুডৰ বিপনীৰ স্বতাধিকাৰী বলাই সৰকাৰৰ লগত মাত্ৰ ২০ টকাৰ বাবে ৰুবুল বৰা খণ্ডযুদ্ধত লিপ্ত হয়। সুৰামত্ত ৰিক্সাচালক ৰুবুলে ফাষ্ট ফুডখনৰ গ্লাচত ঘুচিয়াই দিয়াত গ্লাচখন ভাঙি  হাতত আঘাত হয়। ইয়াৰ পিছতে স্বতাধিকাৰীজনৰ লগত কাজিয়া সৃষ্টি হৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে। একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে স্বত্বাধিকাৰীজনে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৰুবুলক। যাৰ ফলত অত্যাধিক ৰক্তক্ষৰণ হৈ ৰুবুল অচেতন হৈ মাটিত পৰি যায়।

ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ যোৰহাট সদৰ আৰক্ষী থানালৈ বাৰম্বাৰ ফোন কৰাত প্ৰায় ৪০ মিনিট সময়ৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়হি। ইয়াক লৈ আৰক্ষীক তীব্ৰ সমালোচনা কৰে স্থানীয় ৰাইজে।

আনহাতে ৰুবুলক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰােৱা হয়। বিপনীখনৰ মালিক বলাই সৰকাৰ বৰ্তমান পলাতক অৱস্থাত আছে। ইফালে আৰক্ষীয়ে দিলীপ সৰকাৰ নামৰ বিপনীখনৰ কৰ্মচাৰী এজনক সোধপোচৰ বাবে আটক কৰিছে। উল্লেখযোগ্য যে ৰুবুল চোলাধৰাত আৰু বলাই সৰকাৰে ৰজামৈদামত ভাড়াতীয়া হিচাপে আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।