ডিব্ৰুগড়ত মাৰণাস্ত্ৰসহ আটক ৩জন

 06/27/2019 - 17:07

ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ লাহোৱালত দুটা AK56 জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মাৰণাস্ত্ৰ লৈ AS23N 0173 নম্বৰৰ এখন বলেৰ’ত ডিমাপুৰৰ পৰা আহিছিল ধৃত লোক কেইজন।

মোহনবাৰী বাইপাছত লাহোৱাল আৰক্ষীযে আটক কৰে লোক তিনিজনক। দুটা AK56 ৰাইফল, দুটা মেগজিন, বহু সংখ্যক সেনাৰ পোছাক, এখন মিটৰ লগতে বহুতো নিচা জাতীয় সামগ্ৰীসহ আপত্তি জনক নথিপত্ৰ জব্দ কৰে।বৰ্তমান ব্যক্তিকেইজনক আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।