মুকালমুৱাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত গ্ৰাহকৰ হেতা ওপৰাঃ কিন্তু কিয়?

 06/27/2019 - 17:23

মুকালমুৱাঃ সমগ্ৰ ৰাজ্যতে বিদ্যুতৰ লুকাভাকুৱে জনসাধাৰণক অতিষ্ঠ কৰি থকাৰ সময়তে নলবাৰীৰ মুকালমুৱা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত প্ৰচণ্ড ৰ’দক নেওচি বিদ্যুতৰ বিল দিবলৈ শ শ লোক শাৰী পাতি থকা ঘটনাই এতিয়া চর্চা লাভ কৰিছে মুকালমুৱা মহকুমাত। বিল দিবলৈ এতিয়া ঘণ্টা ঘণ্টা ধৰি শাৰী পাতিছে বিদ্যুতৰ গ্ৰাহকসকলে। বিদ্যুৎ নাপালেও বিল দিব মুকালমুৱাৰ ৰাইজে। কিন্ত কিয় কিমান দীঘলীয়া শাৰী মুকালমুৱাৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত।

আচলতে, অসম চৰকাৰৰ আকাশদীপ যোজনাৰ অধীনত প্ৰদান কৰি থকা বিদ্যুতৰ গ্ৰাহক কার্যলয়ৰ পৰা এলইদি বাল্ব নিবলৈহে হেতা ওপৰা লাগিছে মুকালমুৱাত। বিদ্যুৎ পায় নাপায় পিছৰ কথা, বিল ক্লিয়াৰ কৰক আৰু এলইদি বাল্ব লওক। হয়, বিদ্যুৎ পাওক বা নাপাওক আচলতে যি বিনামূলীয়া এলইদি বাল্ব চাৰিতাকৈ যোগান ধৰি থকা হৈছে আৰু তাক নিবলৈ এনেদৰে ৰাইজে ভিৰ কৰা দেখা গৈছে মুকালমুৱাত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।