লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতিৰ প্ৰসংশনীয় পদক্ষেপ

 06/27/2019 - 17:26

লখিমপুৰঃ লখিমপুৰ নগৰৰ মুছলিম মহিলাসকল একগোট হৈ ২০১৮ বৰ্ষত লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতি নামেৰে নামাকৰণ কৰি সমাজৰ উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰে৷ প্ৰথম পৰ্য্যায়ত উত্তৰ লখিমপুৰ নগৰ কেন্দ্ৰীয় ঈদগাহ ময়দানখনৰ আন্তঃগাঁথনিৰ যি দীৰ্ঘদিনীয়া সমস্যা সেয়া লখিমপুৰবাসী ৰাইজৰ সহযোগত সমাধান কৰিবলৈ সক্ষম হয়৷

লগতে ঈদগাহ ময়দানখনক এক আধুনিক ৰূপ দিয়াৰ যি চেষ্টা অব্যাহত ৰখিছে তাৰ বাবে লখিমপুৰৰ সচেতন নাগৰিকে লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। লখিমপুৰ নগৰ মহিলা উন্নয়ন সমিতিয়ে অনাগত দিনত লখিমপুৰ নগৰখনৰ সামাজিক উন্নয়নমূলক কাম কৰি যোৱাৰ চেষ্টা অব্যাহত ৰাখিব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।