ভাৰতত অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপ

 03/17/2019 - 14:14

ডিজিটেল ডেস্ক: ২০২০ত ১৭ বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপ ফুটবল খেলখন আয়োজন কৰিবলৈ দায়িত্ব লাভ কৰিছে ভাৰতে। আমেৰিকাৰ মিয়ামিত অনুষ্ঠিত ফিফা পৰিষদৰ এখন বৈঠকত এই কথা ঘোষণা কৰে বিশ্ব ফুটবলৰ সৰ্ব্বোচ্চ সংস্থা ফিফাৰ মুৰব্বী জিয়ানী ইনফাণ্টিনোৱে।

উল্লেখ্য যে,দুবছৰ পূৰ্বে ১৭ বছৰ অনূৰ্ধ্ব পুৰুষৰ বিশ্বকাপ ফুটবল খেলখন ভাৰতে সুকলমে অনুষ্ঠিত কৰিছিল। আনহাতে, ফ্ৰান্সেও এই প্ৰতিযোগিতাখন আয়োজিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও ফিফাই এই দায়িত্ব ভাৰতক অৰ্পণ কৰে। ই নিসন্দেহে ভাৰতৰ বাবে গৌৰৱৰ বিষয়।

বিশ্বৰ ১৬ খন দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু আয়োজক দেশ হিচাপে ভাৰতে পোনপটীয়াকৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।