লাকুৱা আৰক্ষী চকীৰ সহ উপ আৰক্ষী পৰিদৰ্শকৰ হত্যাকাৰীক আটক

 06/27/2019 - 18:12

নাজিৰাঃ শিৱসাগৰ লাকুৱা আৰক্ষী চকীৰ সহ উপ আৰক্ষী পৰিদৰ্শক অৰুণ চেতিয়াৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড ইমৰাণ আলীক আটক কৰে শিমলুগুৰি আৰক্ষীয়ে৷ তিনি মাহৰ পূৰ্বেই লাকুৱাৰ আৰক্ষী চকীৰ সহ উপ আৰক্ষী পৰিদৰ্শক অৰুণ চেতিয়াক হত্যা কৰিছিল ইমৰাণ আলীয়ে।

ধৃত হত্যাকাৰী ইমাৰণৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাউলখোৱাত। জানিব পৰা মতে ইমৰাণ এই হত্যাকাণ্ডটোৰ উপৰি আন কেতবোৰ হত্যাকাণ্ডৰ লগতো জড়িত। সাংবাদিকৰ প্ৰশ্নত ইমৰাণে এইয়া হত্যাকাণ্ড নহয়, দুৰ্ঘটনাহে বুলি ব্যক্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।