বিহাৰত মাতৃৰ সন্মুখতে যুৱতীক যৌন নিৰ্যাতন

 06/27/2019 - 18:15

ডিজিটেল ডেস্কঃ বুধবাৰে বিহাৰৰ বৈশালী জিলাৰ ভগৱানপুৰত মাতৃৰ সন্মুখতে এগৰাকী যুৱতীক যৌন নিৰ্যাতন কৰা ঘটনা পোহৰলৈ আহিছে। এই কাৰ্যক বিৰোধ কৰাত দুৰ্বৃত্তই মাতৃ-কন্যা দুয়োৰে মুণ্ডন কৰোৱায়৷ ভগৱানপুৰ আৰক্ষী চকীৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়া মতে এই ঘটনা সংঘটিত হয় বুধবাৰে নিশা৷

বুধবাৰে নিশা ৱাৰ্ড মেম্বাৰ খুৰ্ছিদে দুজন সহযোগীৰ সৈতে পৰিয়ালটোৰ ঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক বলাৎকাৰৰ চেষ্টা চলায়৷ কিন্তু যুৱতীগৰাকী আৰু মাতৃয়ে এনে কাৰ্য নকৰিবলৈ কাকূতি কৰাত অৱশেষত নাপিত মতাই আনি দুয়োৰে চুলি খুৰাই পেলায় ৱাৰ্ড মেম্বাৰজনে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত ৱাৰ্ড মেম্বৰজনসহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী এজন এতিয়াও পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।