মৰিয়নীত ৰে’লৰ পৰা পৰি যুৱকৰ মৃত্যু

 06/27/2019 - 18:31

মৰিয়নীঃ মৰিয়নীৰ নকছাৰিত আজি পুৱতি নিশা ৰে’লৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হয়৷ দুৰ্ঘটনাটোত নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। জানিব পৰা মতে নকছাৰি ৰে’ল ষ্টেচনৰ সমীপত পুৱা অচিনাক্ত লোকৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি নকছাৰি ষ্টেচন মাষ্টৰে ৰে’ল আৰক্ষীক অৱগত কৰে।

পাছত মৰিয়নী ৰে’ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন কলিতা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।