আমগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ

 06/27/2019 - 18:38

আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যুৎ বিভাগৰ গাফিলটিৰ বাবে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰিম বুলি প্ৰতিশ্ৰুতি দিয়া পৰিৱৰ্তনকামী চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তিয়ে।

প্ৰতিবাদকাৰীসকলে মিছা প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, সৰ্বানন্দ সোণোৱালৰ কাম নাই, সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰক আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। স্মতব্য যে আমগুৰি বিদ্যুৎ বিভাগৰ অন্তৰ্গত সকলো স্থানতে এজাক সামান্য বৰষুণতে ২/৩ দিন বিদ্যুৎ কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।