নতুন দিল্লীত তৰুণ গগৈক সংবাদমেলত বাধা

 06/27/2019 - 18:42

নতুন দিল্লীঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি নতুন দিল্লীৰ অসম ভৱনত এখন সংবাদমেলৰ আয়োজন কৰিছিল৷ কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সংবাদমেলখন কৰাৰ বাবে অনুমতি নিদিলে৷

পিছত তৰুণ গগৈয়ে গোপীনাথ বৰদলৈ মাৰ্গত এই সংবাদমেলখন আয়োজন কৰে৷ পথৰ ওপৰতে সংবাদমেলখন আয়োজন কৰিবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰে তৰুণ গগৈয়ে৷ গগৈয়ে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ তোলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।