বহিঃৰাষ্ট্ৰৰ চোৰাং তামোলে চাহিদা কমাইছে থলুৱা তামোলৰঃ চিন্তিত ক্ষুদ্ৰ ব্যৱসায়ী

 06/27/2019 - 18:52

হাউলীঃ নামনি অসমৰ বৰপেটা জিলাৰ হাউলী চুপাৰী নগৰ হিচাপে খ্যাত যদিও বিগত ২/৩ বছৰে ইয়াৰে থলুৱা তামোল ব্যৱসায়ীসকলে লোকচান ভৰিবলগীয়া হোৱাটো নিত্য নৈমিত্তিক হৈ পৰিছে। হাউলী অঞ্চলৰ গৰিষ্ঠ সংখ্যক লোকে নিজৰ প্ৰচেষ্টাৰে গঢ় দিয়া উদ্যােগবোৰৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব হৈছিল৷

কিন্তু শ্বহীদুল (ছাইলটা বজাৰ), ৰবিউল, ছাহেদ, জাফৰ, স্বাজাহান, ময়নুল আৰু একাংশ চোৰাং ব্যৱসায়ীয়ে আৰক্ষী প্ৰশাসনৰ চকুত ধূলি মাৰি বহিঃৰাষ্ট্ৰ সুদূৰ ম্যানমাৰৰ পৰা ট্ৰাকে ট্ৰাকে শুকান তামোল নামনি অসমৰ বিভিন্ন বজাৰ লগতে হাউলীতো চোৰাংভাৱে ব্যৱসায় কৰি থকাৰ গুৰুতৰ অভিযোগ উঠিছে।

বৰ্তমান হাউলী এলেকাত দৈনিক ৬-৭ ট্ৰাককৈ শুকান তামোল বিভিন্ন গুদামত জমা কৰি ভাৰতৰ আন আন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈ আছে বুলি জানিব পৰা গৈছে| ফলত থলুৱা চিকণী তামোল ব্যৱসায়ীয়ে উচিত মূল্য নাপায় অধিক লোকচানৰ সন্মুখীন হৈ মূৰে-কপালে হাত দিবলগীয়া হৈছে।

বিগত বৰ্ষত ক্ষুদ্ৰ ব্যৱসায়ীসকলে কমেও ৫ লাখৰ পৰা ১০ লাখ পৰ্যন্ত লোকচানৰ বোজা লৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত ম্যানমাৰৰ পৰা চোৰাংভাৱে অনা তামোল বন্ধ কৰিবলৈ লগতে চোৰাং ব্যৱসায়ীসকলক অচিৰেই নাকী লগাবলৈ থলুৱা তামোল ব্যৱসায়ীসকলে হাউলী আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।