ৰঙিয়াৰ প্ৰাক্তন ক্ৰিকেট খেলুৱৈ শান্তনু লহকৰৰ অকাল মৃত্যু

 06/27/2019 - 19:32

ৰঙিয়াঃ ৰঙিয়া মুৰৰাৰ বিশিষ্ট ব্যক্তি তথা প্ৰাক্তন ক্ৰিকেট খেলুৱৈ শান্তনু লহকৰে যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুক সাৱতি লয়। ৰঙিয়াৰ এজন সামাজিক ব্যক্তি তথা খেলুৱৈয়ে এনেদৰে হঠাৎ মৃত্যুক সাৱতি লোৱাৰ খবৰ ৰঙিয়াত বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰঙিয়াতে গভীৰ শোকৰ ছাঁ পৰে। আজি পুৱাৰ ভাগত প্ৰয়াত লহকৰৰ মৃতদেহ ৰঙিয়াৰ নিজগৃহ আহি পোৱাৰ পিছতে অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লগতে প্ৰয়াত লহকৰৰ আত্মাৰ সদগতি কামনা কৰে। লহকৰৰ নশ্চৰদেহ নিজগৃহত কিছু সময় ৰখাৰ পিচত ৰঙিয়া ৰাজহুৱা শান্তিধামলৈ নি তাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

অসম মুক্তিযোদ্ধা সন্মিলনৰ সভাপতি কৃষ্ণ লহকৰৰ কণিষ্ঠ পুত্ৰ প্ৰয়াত শান্তনু লহকৰে মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী কন্যা সন্তান এৰি থৈ যায়। জানিব পৰা মতে যোৱা কেইদিনমানৰ পৰা তেওঁ জণ্ডিচ ৰোগত আক্ৰান্ত হৈ আছিল। ইফালে লহকৰৰ মৃত্যুত ৰঙিয়াৰ বিভিন্ন দল সংগঠনৰ লগতে ৰঙিয়া জিলা ক্ৰীড়া সন্থা, ৰঙিয়া চানলাইট ক্লাৱ, ৰঙিয়া টাউন ক্লাৱ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে প্ৰয়াত শান্তনু লহকৰে ৰঙিয়া জিলা ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰা ক্ৰিকেট প্ৰতিযোগিতাত কেইবাবাৰো কেইবাটাও ক্লাৱৰ হৈ অংশগ্ৰহণ কৰাৰ উপৰিও ৰঙিয়া চানলাইট ক্লাৱৰ এজন নিয়মীয়া খেলুৱৈ আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।