কি পৰিকল্পনা জুবিন-যতিনৰ

 06/27/2019 - 19:40

ডিজিটেল ডেস্ক: অসমীয়া ছবিৰ এক অন্যতম শক্তিশালী যুটি জুবিন আৰু যতীনৰ যুটি। মুনিন বৰুৱাৰ নিৰ্দেশনা, যতীন বৰাৰ অভিনয় আৰু জুবিন গাৰ্গৰ সংগীতত অসমৰ ৰাইজে লাভ কৰিছিল বহুকেইখন জনপ্ৰিয় অসমীয়া ছবি। 'ৰত্নাকৰ'ৰ পিছত আকৌ এবাৰ একেলগে জুবিন-যতীন। নতুন পৰিকল্পনা কৰিছে অসমৰ দুয়োগৰাকী জনপ্ৰিয় শিল্পীয়ে৷

অভিনেতা যতীন বৰাই দুয়োৰে নতুন পৰিকল্পনাৰ কিছু ফটো আপলোড কৰিছে ছচিয়েল মিডিয়াত। কিন্তু পৰিকল্পনাৰ বিষয়ে এতিয়াও উল্লেখ কৰা নাই অভিনেতাগৰাকীয়ে। এটা সময়ত জুবিন-যতীন আৰু মুনিন বৰুৱাৰ যুটি মানেই আছিল এখন ‘হিট ছবি'। ইতিমধ্য যতীন বৰাৰ বহুচৰ্চিত ছবি ৰত্নাকৰত জুবিন-যতীনৰ যুটিয়ে একেলগে কাম কৰিছে আৰু ৰত্নাকৰ ছবিত জুবিন গাৰ্গৰ সংগীতকো আদৰি লৈছে ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।