বৰশিমলা-ৰাজাঘাট পথৰ পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ কৃষক মুক্তিৰ

 06/27/2019 - 19:50

পাঠশালাঃ এফালে সোণোৱাল চৰকাৰৰ উন্নয়নৰ শ্লোগান আৰু আনফালে যমৰ যাতনাত ককবকাই থকা জনতাৰ উন্নয়ন বিচাৰি গগনফলা চিঞৰ৷ গড়কাপ্টানি বিভাগৰ উন্নয়নৰ নমুনা দেখিলে সকলোৰে চকু কপালত উঠিব৷ বৃহস্পতিবাৰে বৰপেটা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোলিবান্ধাত বৰশিমলা-ৰাজাঘাট পথৰ পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ পথৰ বুকুত পুখুৰী সদৃশ গাঁত অথচ ঘোৰ নিদ্ৰাত মন্ত্ৰী হিমন্তৰ গড়কাপ্টানি বিভাগ৷

পূৰ্বতে বহু বাৰ বিভাগীয় কৰ্তৃপক্ষক বিষয়টো সাধাৰণ জনতাই অৱগত কৰিছিল যদিও কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ নাপালে কোনো জনপ্ৰতিনিধি অথবা গড়কাপ্টানি বিভাগ৷ অকৰ্মন্য, ব্যৰ্থ স্থানীয় কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰক কলংকিত বিধায়ক আখ্যা ৰাইজৰ৷ ৰাইজৰ ক্ষোভ- সমষ্টিৰ উন্নয়নৰ নামত আস্ফালন কৰি থকা জাকিৰ হুছেইন শিকদাৰে কণা হাঁহক পতান চটিয়াই ৰামঠগন দিছে৷

প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ, জাকিৰ হুছেইন মুৰ্দাবাদ ইত্যাদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰাৰ বিপৰীতে একাংশই আকৌ পথৰ বুকুত জাল মাৰি সাব্যস্ত কৰিলে প্ৰতিবাদ৷ সকলোৰে দাবী পুনৰ নিৰ্মাণ হ'ব লাগে বৰশিমলা-ৰাজাঘাট পথ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।