নৰেন্দ্ৰ মোদী আৰু মমতা বেনাৰ্জীৰ ফটো বিকৃত কৰি আটক যুৱক

 06/27/2019 - 20:03

তেজপুৰঃ ফেচবুকত অশালীন মন্তব্যৰ বাবে ৰঙা ঘৰৰ আলহী এজন যুৱক। ধৃত যুৱকজন ঢেকীয়াজুলিৰ। ফেচবুকত অশ্লীল ফটোৰ লগতে অশালীন মন্তব্য কৰি তেজপুৰত আৰক্ষীৰ জালত পৰিল মনদিৰ আলী নামৰ যুৱকজন।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফটো সম্পাদনা কৰি অশ্লীল ৰূপত প্ৰকাশ কৰিছিল যুৱকজনে। ইতিমধ্য তেজপুৰ আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।