ডিজিটেল ডেস্ক: আয়’ডিনযুক্ত নিমখ আপোনাৰ স্বাস্থ্যৰ কাৰণে গুৰুত্বপূৰ্ণ, পিছে দামী দামী বেণ্ডৰ আয়’ডিনযুক্ত নিমখ সেৱন কৰাতো শৰীৰৰ কিমান উপযোগী। নিমখত ব্যৱহৃত বিষাক্ত উপাদানে ক্ষতি কৰিব পাৰে আপোনাক। আমেৰিকাৰ এটা আগশাৰী গৱেষণা প্ৰতিষ্ঠানে দিছে এক চাঞ্চল্যকৰ খবৰ। আমেৰিকাৰ গৱেষণাৰ প্ৰতিষ্ঠানটোৱে ভাৰতীয় বিভিন্ন নিমখ বেণ্ডৰ ওপৰত গৱেষণা চলাইছিল। গৱেষণা প্ৰতিষ্ঠানটোৰ প্ৰতিবেদনত ভাৰতবৰ্ষত প্ৰচলিত হোৱা প্ৰায়বোৰ নিমখ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক।
ইতিমধ্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই প্ৰতিবেদন। প্ৰকাশিত প্ৰতিবেদনত ভাৰতীয় নিমখ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে নিমখ প্ৰস্তুতৰ সময়ত অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰে Carcinogenic আৰু শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক Potassium ferrocyanide। উল্লেখযোগ্য যে Potassium ferrocyanide-এ মানুহৰ চকুৰ বিভিন্ন ৰোগ, বিভিন্ন চৰ্মৰোগ, শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰে। প্ৰতিবেদনত ভাৰতবৰ্ষত সৰ্বাধিক প্ৰচলিত প্ৰতি কেজি চামবাৰ ৰিফাইন নিমখত 4.71 mg/kg, টাটা চল্টত 1.85mg/kg আৰু টাটা চল্ট লাইটত 1.90 mg/kg হিচাপত ব্যৱহাৰ কৰা হয় Potassium ferrocyanide। নিমখত ব্যৱহাৰ হোৱা এই বিষাক্ত উপাদানে ক্ষতি কৰিব পাৰে আপোনাক।