বৰপেটাৰোডত চুৰি সামগ্ৰীসহ ৫ দুৰ্ধৰ্ষ চোৰক আটক

 06/27/2019 - 20:33

বৰপেটাৰোডঃ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডত ভিন্ন প্ৰান্তত সময়ে সময়ে চুৰি কাৰ্য সংঘটিত হৈ থকাৰ সময়তে কালি নিশা বৰপেটাৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চহৰৰ সেউজপুৰৰ পৰা ৫ জন দুৰ্ধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন চোৰকেইজন জলপাইগুড়িৰ টনী গুৱালা, মুন্না গুৱালা, এলিচ গুৱালা, পাপ্পু গুৱালা আৰু সঞ্জু গুৱালা।

উল্লেখ্য যে চোৰেকেইজন সেউজপুৰৰ সুশীল সিংহৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি বিভিন্ন ঠাইত চুৰি কৰাৰ বাবে বাহৰ পাতি আছিল৷ আনহাতে আৰক্ষীয়ে চোৰকেইজনৰ পৰা ১৩ টা মোবাইল, দুখন এ টি এম কাৰ্ড, চিম কাৰ্ড ৪ খন, গ্ৰীণ কাৰ্ডৰ উপৰি হস্তনিৰ্মিত লোৰ চোকা অস্ত্ৰ কেইবাখন আৰু লগতে স্ক্ৰু ড্ৰাইভাৰ আৰু বান্দৰকেঁকোৰাৰ পেকেট জব্দ কৰিবলৈ সক্ষম হৈছে৷

জানিব পৰা মতে এই চোৰৰ দলটোৱে বৰপেটা জিলাৰ বিভিন্ন ঠাইত বিশেষকৈ বেংকৰ গ্ৰাহকসকলক টাৰ্গেট কৰি লৈ চুৰি কাৰ্য্য চলাই অহাৰ লগতে দিন দুপৰতে গাড়ীৰ গ্লাছ ভাঙি টকা লুট কৰি আহিছিল বুলি সন্দেহ কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।