দঃশালমাৰাত নিচাজাতীয় টেবলেটসহ কফ ছিৰাপ জব্দ

 06/27/2019 - 20:37

হাটশিঙিমাৰীঃ দঃশালমাৰাত নিচাজাতীয় টেবলেটসহ বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে আজি আবেলি এক গোপন সূত্ৰৰ পম খেদি দঃশালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল কালাম আজাদৰ নেতৃত্বত দঃশালমাৰা আৰক্ষীয়ে অভিযান চলাই দঃশালমাৰা থানা এলেকাৰ আছিব আলীৰ ঘৰৰ পৰা ২৫৫ টা R-Care নিচাজাতীয় ছিৰাপৰ বটল, ৪৬×১০=৪৬০ টা Nitracare টেবলেট জব্দ কৰে।

আছিব আলীৰ ঘৰত আৰক্ষীৰ অভিযান চলোৱা উমান পাই ঘৰৰ পৰা পলায়ন কৰাত আৰক্ষীয়ে কাকো কৰায়ত্ত কৰিব পৰা নাই যদিও নিচাজাতীয় টেবলেটসহ কফ ছিৰাপ জব্দ সন্দৰ্ভত দঃশালমাৰা থানাত গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত বিষয়াজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।