হাজোত বৰলীয়া নৈয়ে উটুৱাই নিলে দুখন দলং

 06/27/2019 - 20:45

কামৰূপঃ হাজোত সংহাৰী ৰূপ ধাৰণ কৰিছে বৰলীয়া নদীয়ে। বৰলীয়া নদীৰ কোবাল সোঁতে উটুৱাই নিলে দুখনকৈ কাঠৰ দলং। বৰলীয়া নদীৰ ওপৰত থকা হাজো-বৰক্ষেত্ৰী সংযোগী কাঠৰ দলং আৰু একাদিৰ এই দলংখন নৈৰ কোবাল সোঁতে উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ যাতায়ত ব্যাহত হৈ পৰিছে।

একাদিত ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুলভাৱে খেৰ আৰু প্লাস্টিকেৰে সজা ভুৰত স্কুললৈ গৈছে। বৰলীয়া নৈৰ কোবাল সোঁতক নেওচি এই ভয়ানক যাত্ৰা দেখিলে বুকু কপি উঠিব আপোনাৰ। ইফালে ভৰালটোলাৰ এই দলংখন উটুৱাই নিয়াত হাজো-বৰক্ষেত্ৰী সমষ্টিৰ একাদি, দিহিনা, গৰমচুং, ভৰালটোলা, বৰগাছা, বুকিয়া, বিজুলীঘাট অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যাহত হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।