এতিয়াও অনিশ্চয়তাত বিজেপিৰ প্ৰাৰ্থী তালিকা

 03/17/2019 - 16:33

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ জল্পনা কল্পনা অব্যাহত আছে। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অব্যাহত আছে নিৰ্বাচনী সমিতিৰ বৈঠক। তেজপুৰকে ধৰি কেইবাটাও সমষ্টিৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰাজ্যিক বিজেপিয়ে লোৱা সিদ্ধান্তক লৈ সৃষ্টি হোৱা জটিলতাৰ বাবেই পুনৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। 

ইয়াৰ পৰিপ্ৰেক্ষিততে আজি দিনৰ ১ বজাত অনুষ্ঠিত হ'ব লগা ৰঞ্জিত দাসৰ সংবাদমেল পিছুওৱা হৈছে। সেয়ে অসমৰ বিজেপি প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে এতিয়াও প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে মঙলদৈ লোকসভা সমসষ্টিত প্ৰাৰ্থিত্ব নোপোৱাটো নিশ্চিত কৰে ৰমেন ডেকাই।

ডেকালৈ গুৱাহাটীৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছিল যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাখান কৰিছে। তেওঁৰ স্থানত দিলীপ শইকীয়াই প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। এতিয়াও অনিশ্চয়তাতে আছে বিজয়া চক্ৰৱৰ্তীৰ ভৱিষ্যৎ। 

বিবেচনালৈ আহিছে কুইন ওঝা আৰু বিজুলী ডেকা মেধিৰ নাম। আনহাতে,যোৰহাটত কামাখ্যা প্ৰসাদ তাছাৰ নামেই চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।