06/28/2019 - 11:50
in
কলিয়াবৰঃ বিষাক্ত আৰু বৃহৎ আকাৰৰ ৰজা ফেঁটী সাপ উদ্ধাৰ কলিয়াবৰত। গৰমৰ দিন অহাৰ লগে-লগে জনাঞ্চলসমূহত সাপৰ বিচৰণ বৃদ্ধি পাবলৈ ধৰিছে। সেইদৰে কলিয়াবৰতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। কলিয়াবৰৰ শিলঘাটত এডাল বৃহৎ আকাৰৰ ৰজা ফেঁটী উদ্ধাৰ হয়।
কলিয়াবৰৰ শিলঘাটৰ বাসিন্দা গচুল আনচাৰীৰ ঘৰত খাদ্যৰ সন্ধানত এডাল ৰজা ফেঁটী সোমোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আৰু ৰাইজে প্ৰকাণ্ড এই ৰজা ফেঁটী সাপ চাবলৈ গচুল আনচাৰীৰ বাসগৃহত ভিৰ কৰেহি। অৱশ্যে গৃহস্থই স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক তথা সৰ্প মানৱ সঞ্জীৱ ডেকাক সাপ ওলোৱা খবৰ দিয়ে আৰু সঞ্জীৱ ডেকাই তৎমূহুৰ্ততে ঘটনাস্থলীত উপস্থিত হৈ যথেষ্ট শ্ৰমৰ বিনিময়ত বিষধৰ সাপটো ধৰিবলৈ সক্ষম হয়। সঞ্জীৱ ডেকাই শিলঘাট বনাঞ্চলত মুক্ত বিচৰণৰ বাবে বিষাক্ত প্ৰকাণ্ড ৰজা ফেঁটী সাপডাল মুকলি কৰি দিয়ে।