গোৱালপাৰাৰ বেল্ডংপাৰত ফুটবল টুৰ্ণামেন্টৰ সামৰণি

 06/28/2019 - 12:06

কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটৱৰ্তী বেল্ডংপাৰাত অনুষ্ঠিত হোৱা ত্ৰয়োদশ বাৰ্ষিক এদিনীয়া ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰিছে৷ অম্বুবাচী মেলা উপলক্ষে বেল্ডংপাৰা নিউ লাইট ক্লাৱৰ উদ্যোগত স্বৰ্গীয় একচন ৰাভা সোঁৱৰণী ট্ৰফীৰ চূড়ান্ত খেলখন দৰংগিৰি এফ চি আৰু বৰমাটিয়া এফ চি দলৰ মাজত অনুষ্ঠিত হয়৷ এঘণ্টা ধৰি দুয়ো দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ হোৱাৰ পিছত নিৰ্দিষ্ট সময় উকলি যোৱাত খেল পৰিচালকে ট্ৰাইবেকাৰ অনুষ্ঠিত কৰে৷ অৱশেষত ট্ৰাইবেকাৰত বৰমাটিয়া এফচি দলে দৰংগিৰি এফচি দলক পৰাস্ত কৰে৷

চূড়ান্ত খেল উপভোগ কৰিবলৈ হেজাৰ হেজাৰ ক্ৰীড়াপ্ৰেমী ৰাইজে বেল্ডংপাৰা খেলপথাৰত ভিৰ কৰে৷ বঁটা বিতৰণী সভাত সৰ্বোচ্চ গ'লদাতা হিচাপে চিৰাক মাৰাক, শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাবলু ৰাভা আৰু শ্ৰেষ্ঠ গ'ল ৰক্ষক গাৰছিয়া মাৰাকক পুৰস্কাৰ প্ৰদান কৰে৷ বঁটা বিতৰণী সভাত ৰাভা হাছং পৰিষদৰ অধ্যক্ষ চাৰুমোহন ৰাভা, কৃষ্ণাই আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰহ্লাদ ৰাভা, ডিৰ্মাজাখিলি পঞ্চায়তৰ সভাপতি নৱীন চন্দ্ৰ ৰাভাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে৷ উল্লেখ্য যে, যোৱা ২২ জুনৰ পৰা অনুষ্ঠিত স্বৰ্গীয় একচন ৰাভা সোঁৱৰণী ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম-মেঘালয়কে ধৰি সৰ্বমুঠ ২৫ টি দলে অংশগ্ৰহণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।