মঙলদৈঃ ন্যুনতম পাৰিশ্ৰমিকেৰে অবৈধভাৱে শিশু শ্ৰমিক নিয়োগ কৰি মুনাফা লুটি অহা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শিশু শ্ৰম প্ৰতিৰোধ আইনৰ অধীনত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কঠোৰ ইংগিত প্ৰেৰণ কৰি দৰং জিলা শিশু সুৰক্ষা বিভাগৰ উদ্যোগত আৰু জিলা পৰ্য্যায়ত গঠিত টাস্ক ফৰ্চৰ সহযোগত আৰম্ভ হৈছে শিশু শ্ৰমিক বিৰোধী ব্যাপক অভিযান। এই অভিযানৰ অংশ হিচাপে মঙলদৈ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ইটা উদ্যোগ, মটৰ গেৰেজ আদিত চলোৱা এক অতৰ্কিত সফল অভিযানত চপাইত কাৰ্যক্ষম হৈ থকা 'দেৱী ইণ্ডাষ্ট্ৰিজ' নামৰ চিমেন্টৰ ইটা নিৰ্মাণকাৰী এটা উদ্যোগৰ পৰা তিনিজন শিশু শ্ৰমিকক উদ্ধাৰ কৰে।
জিলা শিশু সুৰক্ষা বিষয়া কুবেন্দ্ৰ ওৱাৰিচা, জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ ৰাজেন চন্দ্ৰ দাস, মঙলদৈৰ সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকা, সুৰক্ষা বিষয়া পল্লৱী শৰ্মা, শিশু সুৰক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত আইন তথা আৱেক্ষন বিষয়া দুলাল চন্দ্ৰ ডেকা, জিলা শ্ৰম বিভাগৰ কৰ্মচাৰী আদিৰে গঠিত অভিযানকাৰী গোটটোৱে উদ্ধাৰ কৰা তিনিওজন শিশু শ্ৰমিকৰ বয়সৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ অন্তত জিলা শিশু কল্যাণ সমিতিৰ জৰিয়তে প্ৰত্যেকৰে পিতৃ মাতৃৰ হাতত গতাই দিয়া বুলি জিলা শিশু সুৰক্ষা বিভাগৰ সূত্ৰত প্ৰকাশ। ইফালে অবৈধভাৱে শিশু শ্ৰমিক নিয়োগ কৰা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সূত্ৰটোত লগতে প্ৰকাশ। অভিযানকাৰী দলটোৱে শিশু শ্ৰমিক বিৰোধী সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰণৰ গোহাৰি, পষ্টাৰ আদিও বিতৰণ কৰে। শিশু শ্ৰমিক বিৰোধী এনে অভিযান জিলাখনত নিয়মীয়াকৈ চলোৱাৰ পৰিকল্পনা কৰা বুলি জনা গৈছে।