বিশ্বকাপৰ বা-বতৰা

 06/28/2019 - 13:45

ডিজিটেল ডেস্কঃ আইচিচি ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ৩৪ সংখ্যক মেচত বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজক ১২৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছে ভাৰত। বিশ্বকাপত দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক হৰুৱাই ভাৰতীয় দলটোৱে পইন্টৰ তালিকাৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬৮ ৰান কৰে। ভাৰতৰ এই স্ক’ৰ অনুসৰণ কৰি কেৰিবিয়ান দলটোৱে ৩৪.০২ অভাৰত আটাইকেইতা উইকেট হেৰুৱাই মাত্ৰ ১৪৩ ৰান সংগ্ৰহ কৰিয়ে ইনিংছ সামৰে।

বৃহস্পতিবাৰৰ খেলখনত ভাৰতৰ হৈ সৰ্বাধিক অধিনায়ক বিৰাট কোহলীয়ে ৭২ ৰান আৰু মহেন্দ্ৰ সিং ধোনীয়ে ৫৬ ৰান সংগ্ৰহ কৰে। মহম্মদ ছামিয়ে ৬.০২ অভাৰত লবলৈ সক্ষম হোৱা ৪ টা উইকেটে ভাৰতীয় দলটোক খেলখনত জয়ী হোৱাৰ বাবে সহায় কৰে। বিৰাট কোহলীয়ে ৮২টা বলত ৭২ ৰান কৰি খেলখনৰ ‘মেন অৱ দ্য মেচ’ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই জয়েৰে ভাৰতে হেলাৰঙেই বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৱেষ্ট ইণ্ডিজে পঞ্চম বাৰলৈ পৰাজয় বৰণ কৰি আইচিচি ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ বাহিৰ হৈছে।

আজি আইচিচি ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ৩৫ সংখ্যক মেচ হ’ব শ্ৰীলংকা আৰু ছাউথ আফ্ৰিকাৰ মাজত।বিয়লি ৩ বজাৰ পৰা চেষ্টাৰ-লি-ষ্ট্ৰীটৰ ৰিভাৰছাইড গ্ৰাউণ্ড খেলপথাৰত অনুষ্ঠিত হ’ব মেচখন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।