06/28/2019 - 13:57
in
মৰাণঃ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণত অৱস্থিত বিশাল মেগা মাৰ্ট কোম্পানীয়ে সময় উকলা খাদ্য সামগ্ৰী বিক্ৰী কৰি মৰাণবাসীৰ জীৱনৰ সৈতে হেতালি খেলাৰ অভিযোগ উঠিছে। এই ঘটনা আজি পোহৰলৈ অহাত মৰাণবাসীয়ে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।
অন্যথা মৰাণবাসীৰ জীৱনৰ সৈতে খেলা কৰা বহিঃৰাজ্যৰ কোম্পানীটোক মৰাণত ব্যৱসায় কৰিবলৈ নিদিয়া হুংকাৰ দিয়ে মৰাণৰ দল সংগঠনে। ঘটনা সন্দৰ্ভত সঠিক বিচাৰ পাবলৈ মৰাণ আৰক্ষী থানাত গ্ৰাহকে এজাহাৰ দাখিল কৰাৰ পাছত ডিব্ৰুগড় খাদ্য বিভাগৰ বিষয়া মৰাণ বিশাল মেগা মাৰ্টত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।