ৰাজ্যত মৃত্যুৰ কিৰিলি

 03/17/2019 - 19:34

গুৱাহাটীঃ পুনৰ বাৰ সংঘটিত হ’ল আত্মহত্যাৰ ঘটনা৷ একে লগতে দুটাকৈ আত্মহত্যাৰ ঘটনাই জোকাৰি গ'ল মালিগাঁও অঞ্চলক। শুক্ৰবাৰে নিশা ২ বজাত মালিগাঁৱৰ কৃষ্ণনগৰত দুলাল দাসৰ ১৮বছৰীয়া পুত্ৰ অৰ্জুন দাসে পৰিয়াল কেন্দ্ৰিক কাৰণবশত: ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰে।

আনহাতে, আনটো আত্মহত্যা মালিগাঁৱৰ গোটানগৰৰ ভাড়াঘৰৰ ভিতৰত। কৃপনন ৰবি দাসৰ পুত্ৰ ৰঞ্জিত কুমাৰ দাসে শনিবাৰে পুৱা ১০.৩০বজাত প্ৰেমজনিত কাৰণত চিপজৰী লৈ আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় একাংশই। কিন্তু এতিয়ালৈকে মালিগাঁও আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই মৃতদেহটোক লৈ৷

ৰঞ্জিত কুমাৰ দাসৰ ঘৰ উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। জালুকবাৰী আৰক্ষীয়ে মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে আৰু তাৰ পাছতে আৰক্ষীয়ে মৃতদেহ দুটা নিজ নিজ পৰিয়ালৰ হাতত চমজাই দিয়ে। মৰনোত্তৰ পৰীক্ষাৰ ফলাফলৰ পাছতহে আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।