ধুমুহা বলিঙেৰে মহম্মদ ছামীৰ কেইবাটাও অভিলেখ

 06/28/2019 - 14:14

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ২০১৯ৰ ৩৪ সংখ্যক মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত ১২৫ ৰানৰ বৃহৎ ব্যৱধানত জয়ী হয়। এই খেলখনত চাৰিটা উইকেট দখল কৰি মহম্মদ ছামীয়ে গঢ়িলে অভিলেখ। ছামীয়ে বিশ্বকাপত তিনিবাৰ চাৰিটাকৈ উইকেট দখল কৰা প্ৰথম ভাৰতীয় বলাৰ। লগতে উমেশ যাদৱৰ পিছত ছামী দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ যিয়ে ধাৰাবাহিকভাৱে দ্বিতীয়খন বিশ্বকাপৰ মেচত চাৰিটা উইকেট দখল কৰিছে।

ৱেষ্ট ইণ্ডিজৰ পূৰ্বে মহম্মদ ছামীয়ে আফগানিস্তানৰ বিৰদ্ধেও দখল কৰিছিল চাৰিটা উইকেট। এই মেচখনত ছামীয়ে হেটট্ৰিকসহ চাৰিটা উইকেট লাভ কৰিছিল। বিশ্বকাপত হেটট্ৰিক কৰা ছামী হ’ল দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ। ইয়াৰ পূৰ্বে ১৯৮৭ৰ বিশ্বকাপত এই কৃতিত্ব অৰ্জন কৰিছিল চেতন শৰ্মাই। বিশ্বকাপত আটাইতকৈ দ্ৰুততাৰে ২৫টা উইকেট দখল কৰাৰ অভিলেখো গঢ়িলে ছামীয়ে। কেৱল ৯খন মেচত ছামীয়ে দখল কৰে ২৫টা উইকেট।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।