দেৰগাঁওঃ গোলাঘাট জিলাৰ কমাৰগাঁও অপেশ্বৰী ঘাটত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গঁড় চিকাৰীয়ে হত্যা কৰি ধনশিৰি নদীত পেলাই দিয়ে সতীৰ্থক। পল্লৱ বসুমতাৰী নামৰ চিকাৰীজনে আন দুজনৰ সহযোগত খুমটাই চংকলাৰ নিৱাসী মঞ্জিত বৰাক হত্যা কৰি ধনশিৰি নদীত পেলাই দিয়ে। জানিব পৰা মতে গঁড় চিকাৰী পল্লৱ বসুমতাৰীয়ে অপেশ্বৰী ঘাটেৰে ধনশিৰি নদী পাৰ হৈ সোণাৰী চাপৰিত গঁড় হত্যাৰ বাবে লুকুৱাই ৰখা ৰাইফল আনিবলৈ গৈ হত্যা কৰে সতীৰ্থ মঞ্জিত বৰাক।
হত্যাকাণ্ড সংঘটিত কৰি অপেশ্বৰী ঘাটলৈ মটৰচাইকেল লৈ পুনৰ উভতি আহে। বহু সময় ধৰি মটৰচাইকেলখন পৰিত্যক্ত অৱস্থাত ঘাটত পৰি থকা দেখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মটৰচাইকেলসহ পল্লৱ বসুমতাৰীক আটক কৰাত ঘটনাটো পোহৰলৈ আহে। পিছত এছডিআৰএফৰ সহযোগত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত পল্লৱ বসুমতাৰীৰ ঘৰ নুমলীগড়ৰ তেলগৰমত বুলি জানিব পৰা গৈছে।