ৰাইজৰ বৰঙনিৰে নিৰ্মিত সাঁকো উটি যোৱাৰ আশংকা

 06/28/2019 - 14:44

গোলকগঞ্জঃ ধুবুৰী কোকৰাঝাৰ সীমান্তৰ এক বৃহৎ অঞ্চল মোৱামাৰী। বিটিএডিৰ গৌৰীপুৰ সমষ্টিৰ কাজিগাঁও থানাৰ অন্তৰ্গত বৃহত্তৰ মোৱামাৰী অঞ্চলৰ ৰাইজৰ অহা-যোৱাৰ অসুবিধাৰ মূল কাৰণ হৈছে গদাধৰ নৈ। অঞ্চলটোৰ পশ্চিম, দক্ষিণ আৰু উত্তৰ ফালে গদাধৰ নৈয়ে আবৰি আছে।

অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ মূল পথটোৰ পশ্চিম ফালে থকা গদাধৰ নৈৰ ওপৰত কোনো ধৰণৰ পকী দলং নথকাত ৰাইজেই দান বৰঙনিৰে বাঁহৰ সাঁকো নিৰ্মাণ কৰি বিপদসংকুল অৱস্থাত দীৰ্ঘবছৰ ধৰি যাতায়ত কৰি আছে। কালি ৰাতিৰ বৰষুনৰ ফলত গদাধৰ নৈৰ ওপৰত থকা হৰিণ চৰাৰ দলংখন উটি আহি সোনাহাটত থকা সাঁকোখনত লাগি ধৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

দীঘল বাঁহৰ সাঁকোখন কোন মুহূৰ্তত উটি যায় কোনো নিশ্চয়তা নাই। এনে পৰিস্থিতিত স্থানীয় ৰাইজে সাঁকোখন বচাবলৈ উঠিপৰি লাগিছে যদিও কিমান সফল হ’ব সেয়া সময়েহে ক’ব। এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনৰ কোনো গুৰুত্ব নোহোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।