বাঢ়নী‌ পানীয়ে নিদ্ৰা হৰণ কৰিছে মানকাচৰৰ কালাপানীবাসীৰ

 06/28/2019 - 14:51

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ কালাপানীত বাঢ়নী‌ পানীয়ে নিদ্ৰা হৰণ কৰিছে বৃহত্তৰ অঞ্চলবাসী ৰাইজৰ। উল্লেখ্য যে কেইদিনমান ধৰি হোৱা নেৰা-নেপেৰা বৰষুনৰ ফলত মেঘালয়ৰ পৰা নামি অহা পানীয়ে কালাপানী বৃহত্তৰ অঞ্চলৰ কেইবাখনো গাঁও পানীৰ তলত বুৰ গৈছে।

লগতে প্ৰতিদিনে কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ মানুহৰ একমাত্ৰ যাতায়তৰ মাধ্যম কালাপানী-বয়শাবাড়ী সংযোগী কাঠৰ দলংখনলৈও লৈ আহিছে ভাবুকি। ইফালে কালাপানী আৰক্ষী চকীৰ মাজেৰেও বাঢ়নী পানী গতি কৰাৰ ফলত আৰক্ষী চকীত থকা আৰক্ষীৰ লগতে জোৱানসকলৰ থকা খোৱাৰ অসুবিধা হৈছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।