ভয়ংকৰ বায়ু প্ৰদূষণৰ কবলত আমিনগাঁও, জীৱকূলৰ লগতে গছ গছনিৰ ওপৰত প্ৰভাৱ

 06/28/2019 - 14:59

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীত ভয়াবহভাবে বৃদ্ধি পাইছে প্ৰদূষণ। ইয়াৰ প্ৰভাৱ জীৱকূলৰ লগতে গছ-গছনিৰ ওপৰতো পৰিছে। বিভিন্ন অঞ্চলত গছৰ পাতবোৰ ছাই সনাৰ দৰে ক’লা পৰি লেৰেলি শুকাই গৈছে। উত্তৰ গুৱাহাটীৰ আমিনগাঁও অঞ্চলত আই আই টি গুৱাহাটী, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, সৰলা বিৰলা, ফেকাল্টি হায়াৰচেকেণ্ডাৰী ইত্যাদিৰ দৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মানৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আছে।

ঠিক সেইদৰে জি এন আৰ চি, নাৰায়ণা ছুপাৰস্পেচিয়েলিটি চিকিৎসালয় আছে। এতিয়া জলাহত এইমছৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে। মুঠতে এই সকলোবোৰ অনুষ্ঠান মানৱ সম্পদ গঢ়া আৰু মানৱৰ হিত সাধিবৰ বাবে। কিন্ত আচৰিত কথা এইসকলোবোৰ বিশ্বমানৰ অনুষ্ঠান প্ৰতিষ্ঠান মাজে মাজে বিগত এটা দশকত চিমেণ্ট, কোক, প্লাষ্টিক ইত্যাদি ভয়াবহ প্ৰদূষণ সৃষ্টিকাৰী কোম্পানী নিৰ্মাণ কৰা হ'ল।

অকল চিমেণ্ট উদ্যোগৰ পৰাই সৰ্বাধিক বায়ু প্ৰদূষণ হয় লগতে ধূলি উৰে। প্ৰতি টন চিমেণ্ট নিমাৰ্ণ কাৰ্য্যত নিৰ্গমণ হয় আধা টন কাৰ্বন। চিমেণ্ট উদ্যোগবোৰৰ পৰা বিশ্বত সৰ্বাধিক ৬.৯% গ্ৰীনহাউচ গেছলৈ বৰঙণি আগবঢ়ায়। গ্ৰীনহাউচ গেছ বাবে বায়ু মণ্ডলৰ তাপমাত্ৰা দ্ৰুত গতিত বৃদ্ধি পাইছে। বতাহত উৰা চিমেণ্টৰ কণা উশাহ বা আন প্ৰকাৰে শৰীৰত প্ৰবেশ কৰিলে বিভিন্ন ভয়ানক ৰোগত আক্ৰান্ত হ’ব পাৰে।

চিমেণ্ট উদ্যোগবোৰ আশে-পাশে হ’ব পৰা ৰোগবোৰ হ’ল হাওঁফাওঁৰ ৰোগ, লিভাৰ, হাড়, চাল আদিৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। কেৱল যে মানৱ সমাজৰ ওপৰত পৰিছে এনে নহয় পথাৰৰ শস্য, মাছ-কাছ সকলো ৰোগগ্ৰস্ত হৈছে। সেইদৰে কোক ইণ্ডাষ্ট্ৰিৰ ভয়াবহতা সৰ্বজনবিদিত।

সেইদৰে আমিনগাঁৱৰ আছাম টিউব, গৌৰীপুৰৰ টায়াৰ উদ্যোগ, জয়গুৰুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা কেইখোজমানৰ দূৰত্বত থকা ফলকবিহীন আন আন বিভিন্ন কোম্পানীসমূহৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ নকৰাত পৰিবেশৰ প্ৰতি গভীৰ সংকট সৃষ্টি হোৱা বুলি স্থানীয় ৰাইজে অবগত কৰিছে।

প্ৰদূষণে গ্ৰাস কৰাৰ পিছত বিভিন্ন দল সংগঠনে উত্তৰ গুৱাহাটী আমিনগাঁও অঞ্চল প্ৰদূষণমুক্ত কৰাৰ দাবী জনোৱাৰ পিছতো প্ৰশাসনে কিহৰ অংকত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে সেয়া এতিয়া জনতাৰ মাজত সৰৱ চৰ্চা। ৰাইজে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু জিলা প্ৰশাসনক বিষয়টো গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।