06/28/2019 - 15:18
in
তামুলপুৰঃ গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ তামুলপুৰৰ সাহপুৰত বাল্টি নদীৰ দাঁতিত ৰাইজে এখন বিশেষ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে৷ ইছলাম ধৰ্মী লোকসকলে যদি দোৱা মাগিছে হিন্দু আই মাতৃসকলে গাইছে দিহা নাম৷ ভূটান পাহাৰৰ পৰা বৈ অহা বাল্টি নদীৰ গৰাখহনীয়াই বছৰৰ পিছত বছৰ ধৰি অঞ্চলটোত সৃষ্টি কৰি অহা তাণ্ডৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনা৷
কুম্ভকৰ্ণৰ নিদ্ৰাত থকা জল সম্পদ বিভাগ তথা ৰাইজৰ দুৰ্দশাৰ খবৰ ল’বলৈ আহৰি নোপোৱা জনপ্ৰতিনিধিৰ ওচৰত কাকুতি মিনতি কৰিও একো সুফল নাপালে। গৰাখহনীয়াত ৬০ বিঘাতকৈ অধিক কৃষিভূমি, তামোল-নাৰিকল, বাঁহ-বেতৰ বস্তীৰ লগতে কেইবাটাও পৰিয়ালৰ ভেটি-মাটি উচন হোৱাত অৱশেষত নেদেখাজনৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰিয়েই পৰিত্ৰান বিছাৰিছে সাহপুৰ গাঁৱৰ ৰাইজে৷