দলগাঁওঃ দৰঙৰ দলগাঁও সমষ্টিৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী এখন প্ৰাথমিক বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰাই গ্ৰামাঞ্চলৰ উন্নয়নৰ ফোপোলাস্বৰূপটো উদঙাই দিছে। দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত বিহুদিয়া গাঁও-পঞ্চায়তৰ কাছোমাৰী প্ৰাথমিক বিদ্যালয়খনত অহা যোৱাৰ বাবে দীৰ্ঘদিন ধৰি দলং কিম্বা সাঁকো নথকাত সমস্যাৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল।
অহা যোৱাৰ একমাত্ৰ পথছোৱাত থকা প্ৰায় ৪০/৫০ ফুট বহল নৈখন সামান্য বৰষুনতে ওপচি পৰাত প্ৰায়েই ব্যাহত হৈ পৰিছিল পাঠদান। বিগত বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান শিক্ষক ৰমজান সৰকাৰ আৰু অভিভাৱকসকলে কণ কণ ছাত্ৰ-ছাত্ৰীক কান্ধত তুলি আৰু কলগছৰ ভুৰেৰে পাৰ কৰি দিছিল নৈ খন। পিছলৈ স্থানীয় ৰাইজৰ সহযোগত প্ৰধান শিক্ষক ৰমজান আলীয়ে পথত থকা নৈৰ ওপৰত নিৰ্মাণ কৰে এডাল বাহৰ সাঁকো।
বৰ্তমান বিধ্বস্ত হৈ পৰা বাঁহৰ সাঁকোৰে বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। সেয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিহুদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত উক্ত কাছোমাৰী প্ৰাথমিক বিদ্যালয় সংযোগী পথত থকা নৈখনৰ ওপৰত দলং নিৰ্মাণৰ বাবে শিক্ষক তথা অঞ্চলটোৰ ৰাইজে দাবী জনাই স্থানীয় বিধায়ক ইলিয়াচ আলী তথা বিজেপি চৰকাৰক। এই ক্ষেত্ৰত চৰকাৰ তথা বিধায়ক ইলিয়াচ আলীয়ে কি পদক্ষেপ গ্রহণ কৰে সেয়া অঞ্চলটোৰ ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।