মানকাচৰঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী লক্ষাধিক ৰাইজৰ সুচিকিৎসাৰ বাবে ৪৫ বছৰৰ পূৰ্বে কাকৰীপাৰা ৰাজ্যিক চিকিৎসালয়খন স্থাপন কৰিছিল। হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হোৱাৰ পিচৰে পৰা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে পৰ্যাপ্ত পৰিমানে ঔষধ, লাগতিয়াল ধন অনুদান দি আহিছে। প্ৰথম অৱস্থাত কেইবা বছৰ বৃহত্তৰ কাকৰীপাৰা, ঝগৰাৰচৰ আৰু ঠাকুৰানবাৰী গাঁও পঞ্চায়তৰ দুখীয়া নিচলা ৰাইজ এই চিকিৎসালয়খনৰ পৰা ভাল দৰে সেৱা লাভ কৰিছিল।
কিন্তু বতৰ্মানৰ মামুদ হোচেন নামৰ চিকিৎসকগৰাকী চিকিৎসালয়খনত নিযুক্ত হৈ অহাৰ পিছৰ পৰা ৰহস্যজনকভাবে "লেবাৰ ৰূম"টো তলা বন্ধ কৰি ৰখাৰ লগতে চিকিৎসালয়খনৰ উন্নয়নৰ বাবে অহা লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি লেবাৰ ৰূম বন্ধ হোৱাত দুখীয়া গৰ্ভৱতী মহিলাক ধনৰ অভাৱত ধুবুৰী, গোৱালপাৰাত নিব নোৱাৰি আধা বাটতে চিকিৎসাৰ অভাৱত মৃত্যু মুখত পৰিব লগা হৈছে।
আজি এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰাইজে চিকিৎসকজনৰ পৰা হিটাপ বিচাৰে। কিন্তু চিকিৎসকজনে চিকিৎসালয়খনৰ নামত অহা ধনৰ হিচাপ দিব নোৱাৰি ৰাজহুৱা সভাত ৰাইজৰ ওচৰত ক্ষমা খোজে আৰু এমাহৰ ভিতৰত হিচাপ দিব বুলি প্ৰতিশ্ৰুতি দিয়ে।