ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ বিদায় গোৱাৰ মুখ্যমন্ত্ৰীক

 03/18/2019 - 13:06

নতুন দিল্লীঃ গােৱাৰ প্রাক্তন মুখ্যমন্ত্রী তথা দেশৰ প্রাক্তন প্রতিৰক্ষা মন্ত্রী মনােহৰ পাৰিকৰ দেওবাৰে সন্ধিয়া গােৱাৰ পানাজীত থকা নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত পাৰিকৰৰ বয়স আছিল ৬৩ বছৰ।

পাৰিকৰে মৃত্যুৰ সময়ত দুজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।  অগ্ন্যাশয়ৰ কৰ্কট ৰােগত আক্ৰান্ত পাৰিকৰে গােৱাৰ লগতে দিল্লী, মুম্বাই, নিউয়র্ক আদিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰিছিল। বিগত কিছুমাহ ধৰি পাৰিকৰে পানাজীত থকা নিজ গৃহতে চিকিৎসা গ্রহণ কৰি আছিল যদিও যােৱা শনিবাৰৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ থাকে যদিও দেওবাৰে সন্ধিয়া তেওঁৰ মৃত্যু হয়। ২০০০ চনৰে পৰা একেৰাহে চাৰিবাৰকৈ গােৱাৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত পাৰিকৰে ২০১৪ চনৰ নৱেম্বৰ মাহত দেশৰ প্ৰতিৰক্ষা মন্ত্রী হয়। ২০১৭ চনৰ ১৪ মে’ত প্রতিৰক্ষা মন্ত্রী পদৰ পৰা তেওঁ পদত্যাগ কৰি গােৱাৰ মুখ্যমন্ত্রী হয়। ইয়াৰ আগতে পাৰিকৰে ২০০০ চনৰ অক্টোবৰত গােৱাত ভাৰতীয় জনতা পার্টিৰ প্রথমজন মুখ্যমন্ত্রী হয়। চতুর্থবাৰৰ বাবে গােৱাৰ মুখ্যমন্ত্রী পদ শুৱনি কৰা পাৰিকৰে নিজে হিন্দু হৈও তেওঁ খ্রীষ্টান লােকসকলৰ মাজত অতি জনপ্রিয় আছিল।

পাৰিকৰ মৃত্যুত কেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় শােক পালন কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ মৃত্যুত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে গভীৰ শােক প্রকাশ কৰিছে। তেওঁ কয় যে পাৰিকৰে তেওঁৰ জীৱন ৰাইজৰ বাবে উৎসর্গিত কৰিছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়েও তেওঁৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰি কয় যে পাৰিকৰ এগৰাকী দক্ষ প্রশাসকেই নাছিল তেওঁ আছিল এজন ব্যতিক্রমী ৰাজনীতিবিদ। কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে তেওঁৰ মৃত্যুত শােক প্রকাশ কৰি কয় যে পাৰিকৰৰ সৈতে মােৰ ভাল সম্বন্ধ আছিল। আজি তেওঁ মােৰ লগত নাই। কংগ্ৰেছ নেতা মল্লিকার্জুন খার্গেও শােক ব্যক্ত কৰি কয়— তেওঁ বহু ভাল মানুহ আছিল। আমি এগৰাকী ভাল ৰাজনীতিবিদ হেৰুৱালাে।

গােৱাৰ মুখ্যমন্ত্রী তথা জনপ্রিয় নেতা মনােহৰ পাৰিকৰ মৃত্যুত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালেও গভীৰ শােক প্রকাশ কৰে। সােণােৱালে কয় যে পাৰিকৰে দেশৰ প্ৰতি যি সেৱা আগবঢ়ালে সেয়া সদায় স্মৰণীয় হৈ ৰ'ব। আই আই টিৰ স্নাতক পাৰিকৰে ২৬ বছৰ বয়সতে ৰাজনীতিত প্ৰৱেশ কৰিছিল। ১৯৯৪ চনত তেওঁ প্ৰথম গােৱা বিধানসভালৈ নির্বাচিত হৈছিল। ১৯৯৯ চনলৈ তেওঁ বিৰােধী দলৰ নেতা হিচাপে কার্যনির্বাহ কৰিছিল। উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈও নির্বাচিত হৈছিল পাৰিকৰ। সৎ, নিকা আৰু হঠাৎ সিদ্ধান্ত ল'ব পৰা গুণৰ বাবে পাৰিকৰ আছিল সকলােৰে প্ৰিয়।

মন কৰিবলগীয়া যে পাৰিকৰে অসুস্থ অৱস্থাৰ মাজতাে যােৱা ৩০ জানুৱাৰীত গােৱা বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰিছিল। আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ। মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত সোমবাৰে ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। গোৱাত ৭ দিনলৈ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই কালছোৱাত অৰ্ধনমিত কৰি ৰখা হ’ব ৰাষ্ট্ৰীয় পতাকা। সোমবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হয় বিজেপিৰ স্মৃতিচাৰণ সভা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।