দৰঙত অবৈধ মদৰ বিৰুদ্ধে অভিযান

 06/28/2019 - 15:57

মঙলদৈঃ যোৱা কিছুদিন ধৰি দৰঙৰ ভিন্ন প্ৰান্তত দৰং আৰক্ষীৰ এটা দলে অবৈধ ভাৱে বিক্ৰীৰ বাবে মজুত ৰখা মদৰ বিৰুদ্ধে এক তীব্ৰ অভিযান চলাই কেইবাটাও ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে। দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত জিলা উপ-আৰক্ষী আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত দৰঙৰ খাৰুপেটীয়া, নাহৰবাৰী, পাথৰিঘাট, বৰদৌলগুৰি, দীপিলা আদি অঞ্চলত অভিযান চলাই ঘাটিসমূহ উচ্ছেদ কৰাৰ উপৰি বুজন পৰিমাণৰ IMFL মদ জব্দ কৰিব সক্ষম হয়।

উল্লেখযোগ্য যে সকলোবোৰ অবৈধ মদ ব্যৱসায়ীয়ে নিজৰ ঘৰৰ পত্নীক সক্ৰিয়ভাবে এই ব্যৱসায় চম্ভালিব দি নিজক আত্মগোপন কৰাই ৰখা বুলি অভিযানকাৰী দলটোৰ সূত্ৰত প্রকাশ পায়। লক্ষণীয় যে শেহতীয়া অভিযান কালত ভিন্ন মদ ব্যৱসায়ীয়ে নিজৰ ভাত ৰন্ধা কুকাৰ, পানীত বস্তা বান্ধি, ঘৰৰ চালিৰ ওপৰত আদি বিভিন্ন ঠাইত লুকুৱাই ৰাখে। দৰঙৰ আবকাৰীৰ নাকৰ আগতে এনেদৰে চলি থকা ব্যৱসায় ৰোধৰ বাবে আৰক্ষীৰ অভিযানক সকলোৱে আদৰণি জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।