বিশ্বকাপ যাব পাকিস্তানৰ হাতলৈঃ ১৯৯২ৰ ১৩টা লক্ষণ কাকতলীয় ভাৱে হুবহু মিলাত এই দাবী পাকিস্তানবাসীৰ

 06/28/2019 - 16:11

ডিজিটেল ডেস্কঃ ১৯৯২চনত প্ৰথমবাৰ বিশ্বকাপ জয় কৰিছিল পাকিস্তানে। অধিনায়ক ইমৰাণ খানৰ নেতৃত্বত পাকিস্তান বিশ্ববিজয়ী হৈছিল। কাকতালীয়ভাৱে এইপৰ্যন্ত এইবাৰৰ বিশ্বকাপৰ সৈতে ১৯৯২চনৰ বিশ্বকাপৰ বহুকেইটা ঘটনাৰ হুবহু মিল দেখা গৈছে। ২৭বছৰ পূৰ্বে টীমটোৰ সৈতে সপ্তমখন মেচলৈকে যি যি হৈছিল এতিয়ালৈকে সকলো কথা মিলি গৈছে। সেই সময়ত ইমৰাণ খানৰ নেতৃত্বত অত্যন্ত বেয়া আৰম্ভনি কৰাৰ পিছত টুৰ্ণামেণ্টৰ মাজভাগৰ পৰা পাকিস্তানে গতি ল’বলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত দেশখনে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয়। এইবাৰো ১৯৯২চনৰ সৈতে ঘটনাক্ৰম মিলি থকাৰ বাবে পাক অনুৰাগীসকলৰ দাবী পাকিস্তান এইবাৰ বিশ্ববিজয়ী হ’বই! কি কি কথাত ১৯৯২চনৰ বিশ্বকাপৰ সৈতে এইবাৰৰ বিশ্বকাপৰ মিল

প্ৰথম মিলঃ প্ৰথম খেলত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাজয়। টু্ৰ্ণামেণ্টৰ আৰম্ভনিতে ১৯৯২চনত পাকিস্তান পৰাস্ত হৈছিল, এইবাৰো একেধৰণে হাৰিছে।

দ্বিতীয় মিলঃ দ্বিতীয় খেলত জয় প্ৰথমখন খেলত হৰাৰ পিছত ১৯৯২চনৰ বিশ্বকাপত দ্বিতীয় খেলত পাকিস্তান জয়ী হৈছিল। এইবাৰো দ্বিতীয়খন খেলত পাকিস্তানে ইংলেণ্ডক পৰাস্ত কৰিছে।

তৃতীয় মিলঃ তৃতীয়খন খেলৰ ফলাফল ওলোৱা নাছিল। ১৯৯২চনৰ বিশ্বকাপত পাকিস্তানৰ তৃতীয়খন খেল বৰষুণৰ কাৰণে অমীমাংসিত হৈ ৰৈছিল। এইবাৰো শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত খেল বৰষুণৰ বাবে বাতিল হৈছিল।

চতুৰ্থ আৰু পঞ্চম মিলঃ  চতুৰ্থ আৰু পঞ্চম খেলত পৰাজয় ১৯৯২চনৰ বিশ্বকাপত পাকিস্তানে নিজৰ চতুৰ্থ আৰু পঞ্চম খেলত পৰাস্ত হৈছিল। ২০১৯চনৰ ৱৰ্ল্ড কাপতো পাকিস্তানে চতুৰ্থ খন খেলত অষ্ট্ৰেলিয়া আৰু পঞ্চম খেলত ভাৰতৰ হাতত পৰাস্ত হৈছে।

ষষ্ঠ মিলঃ ষষ্ঠ খেলত জয়লাভ ১৯৯২চনৰ বিশ্বকাপত পাকিস্তানে ষষ্ঠখন খেলত জয়লাভ কৰিছিল। ২০১৯ৰ বিশ্বকাপতো একেই হৈছে। পাকিস্তানে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছে।

সপ্তম মিলঃ অপৰাজিত নিউজিলেণ্ডক পৰাস্ত ১৯৯২চনত যেতিয়া নিউজিলেণ্ডৰ সৈতে পাকিস্তানে মোকাবিলা কৰিছিল তেতিয়া নিউজিলেণ্ডে টুৰ্ণামেণ্টৰ এখনো খেলত নহৰাকৈ আগবাঢ়ি গৈ আছিল। তেতিয়া পাকিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰিছিল। এইবাৰো অপৰাজিত কিৱি বাহিনীক পাকিস্তানে প্ৰথম হৰুৱাইছে।

অষ্টম মিলঃ ১৯৯২চনত পাকিস্তান টীমত ইনজামাম উল হক মূল বলাৰ আছিল। ২০১৯চনত তেওঁৰে ভতিজা ইমাম উল হক দলৰ মূল বলাৰ।

নৱম মিলঃ ১৯৯২চনৰ বিশ্বকাপত পাকিস্তানী টীমৰ ষষ্ঠ মেচত আমিৰ সোহেল মেন অৱ দ্য মেচ হৈছিল, তেওঁ বাওঁহতীয়া বলাৰ আছিল। ২০১৯ৰ বিশ্বকাপত হাৰিস সোহেল মেন অৱ দ্য মেচ হৈছিল, তেওঁ বাওঁহতীয়া পাকিস্তানী বলাৰ।

দশম মিলঃ ১৯৯২চনৰ আগৰ দুবাৰৰ বিশ্বকাপ ক্ৰিকেটত ভাৰত (১৯৮৩) আৰু অষ্ট্ৰেলিয়া (১৯৮৭) জয়ী হৈছিল। ২০১৯ৰ বিশ্বকাপৰ আগৰ দুবাৰৰ বিশ্বকাপো ভাৰতে (২০১১) আৰু অষ্ট্ৰেলিয়া (২০১৫) জয়ী হৈছিল।

একাদশ মিলঃ ১৯৯২চনৰ বিশ্বকাপত ৰাউণ্ড ৰবিন ফৰ্মেটত খেলা হৈছিল। য’ত প্ৰতিটো দলে পৰস্পৰৰ সৈতে খেলিবলগীয়া হৈছিল আৰু টপ ৪ স্থানত থকা দলকেইটা ছেমি ফাইনেললৈ গৈছিল। ২০১৯ৰ বিশ্বকাপো এই ফৰ্মেটতে খেলা হৈছে। এইবাৰো ১০টা দলেই প্ৰত্যেকে প্ৰত্যেকৰ সৈতে খেলিছে আৰু টপ চাৰিত থকা দলকেইটা ছেমি ফাইনেললৈ যাব।

দ্বাদশ মিলঃ ১৯৯২চনত বেনজিৰ ভূট্টোৰ স্বামী পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰী জেলত আছিল। ২০১৯চনৰ বিশ্বকাপৰ সময়তো আছিফ আলী জৰ্দাৰী জেলত আছে।

ত্ৰয়োদশ মিলঃ ১৯৯২চনত প্ৰথমবাৰ আলাদিন চৰিত্ৰৰ আধাৰত নিৰ্মিত এনিমেটেড ছবিয়ে মু্ক্তি লাভ কৰিছিল। ২০১৯চনৰ আকৌ এবাৰ আলাদিন ছবি নিৰ্মাণ হৈ মুক্তি লাভ কৰিছে। ১৯৯২চন আৰু ২০১৯ৰ ক্ৰিকেট বিশ্বকাপত পাকিস্তান টীমে প্ৰথম, দ্বিতীয়,তৃতীয়,চতুৰ্থ,পঞ্চম,ষষ্ঠ আৰু সপ্তম খেলত পৰাজয়,জয়,বাতিল,পৰাজয়,পৰাজয়,জয়,জয় লাভ কৰাৰ ক্ষেত্ৰত হুবহু মিল আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।