গোগামুখত যান-জঁটৰ সমস্যাঃ আছুৰ প্ৰতিক্ৰিয়া

 06/28/2019 - 16:12

গোগামুখঃ গোগামুখ নগৰৰ মাজ মজিয়াত দিনক দিনে ব্যাপক ৰূপত যান-জঁটৰ সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ফলত আকস্মিক পথ দুৰ্ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে সদা ব্যস্ত গোগামুখতl এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গোগামুখ আছুৰ সভাপতি যুগল কৃষ্ণ ফুকন আৰু সাধাৰন সম্পাদক অৰ্নিবান শইকীয়াইl

এক বিবৃতি যোগে সংগঠনটোৱে জানিবলৈ দিয়ে যে সদাব্যস্ত গোগামুখ নগৰখনৰ মাজ মজিয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুইকাষে বেমেজালিৰে যাত্ৰীবাহী বাছৰ লগতে চাৰিচকীয়া আৰু দুচকীয়া বাহনসমূহ ৰাখি যাতায়তৰ সমস্যাৰ সৃষ্টি কৰিছে। ফলত নগৰখনৰ মাজ মজিয়াত ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছেl

এই ক্ষেত্ৰত ধেমাজি জিলা প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছেl তাৰ লগতে গোগামুখত এটা স্থায়ী অসম ৰাজ্যিক পৰিবহন বিভাগৰ বাছ আস্থান থকাৰ স্বত্বেও তাক কিয় ব্যৱহাৰৰ উপযোগী কৰি তোলা নাই তাৎপৰ্যৰ বিষয় হৈ পৰিছেl

ইপিনে সমগ্ৰ বিষয়টোৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰি কেইজনমান গুণ্ডাবাহিনীৰ দালালৰ হতুৱাই চাৰিচকীয়া বাহনৰ পৰা দৈনিক অবাধ হাৰত কৰ সংগ্ৰহ কৰা দৃষ্টিগোচৰ হৈছেl প্ৰশ্ন হৈছে কাৰ ছত্ৰছায়াত এই কৰ সংগ্ৰহ কৰি দালালৰ পকেট গৰম কৰিছে সেইয়া লক্ষনীয় হৈ পৰিছেl

সংগঠনটোৰ স্পষ্ট মত যে এই বিষয়সমূহৰ ওপৰত জিলা প্ৰশাসন আৰু জিলা পৰিবহন বিভাগে তৎকালিনভাৱে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গোগামুখ আছুৰ অন্তৰ্গত বিভিন্ন শাখা ছাত্ৰ সন্থাৰ লগত ঐক্যভাৱে ৰাজপথলৈ উলাই আহি তীব্ৰ আন্দোলন গ্ৰহণ কৰিবl উল্লেখ্য যে চলিত মাহত গোগামুখৰ বিভিন্ন সমস্যাৰ ওপৰত জিলা উপায়ুক্তলৈ এক স্মাৰকৰ যোগেদি জাননী প্ৰেৰণ কৰে যদিও আজি পৰ্যন্ত কাৰ্যকৰী নোহোৱাত গোগামুখত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছেl

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।