ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়াৱহ তাণ্ডৱত প্ৰায় ৫০টা পৰিয়াল সৰ্বস্বান্ত

 06/28/2019 - 16:40

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙৰীবড়ী গাঁৱত যোৱা এসপ্তাহ ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়াৱহ তাণ্ডৱত প্ৰায় ৫০টাকৈ পৰিয়ালে নিজৰ মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হ’ব লগা হৈছে ভাবুকি কঢ়িয়াই আনিছে কেইবাখনো চৰকাৰী বিদ্যালয়লৈ ইমানৰ পিছতো জন প্ৰতিদিন কিম্বা জিলা প্ৰশাসনে সৰ্বস্বান্ত লোকসকলৰ এটা খবৰ লবলৈ আহৰি নোপোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে গঞা ৰাইজে। জানিব পৰা মতে বৰ্তমানলৈকে ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৬০খন ৰাজহ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায় যদিও আজিলৈকে কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।

জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ নামত ভেকোঁভাওনাৰে কিছুমান আঁচনি প্ৰস্তুত কৰি প্ৰতি বছৰে কোটি কোটি টকা ৰাজকোষৰ ধন খৰচ কৰা দেখিবলৈ পোৱা গৈছে যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো সুফল হোৱা নাই। গৰাখহনীয়াৰ কবলত পৰি সৰ্বস্বান্ত লোকসকলে গৃহহীন হৈ বৰ্তমান সময়ত কোনোবাই যদি মাথাউৰিত আন কোনোবাই আকৌ জীৱিত অৱস্থাতে শ্মশান বসবাস কৰিবলগীয়া হৈছে।

কিন্তু চৰকাৰ কিম্বা প্ৰসাশনে এই গৃহহীন হোৱা লোক সকলক আশ্ৰয় দিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। উল্লেখ্য যে, গৰাখহনীয়াত নিজৰ সৰ্বস্ব হেৰুৱাই পেটৰ তাড়নাত এগৰাকী গৃহিনীয়ে নিজৰ জীৱনক বাজী ৰাখি মুকলি আকাশৰ তলত ব্ৰহ্মপুত্ৰৰ পাৰত এনেদৰে খাদ্য প্ৰস্তুত কৰি থকা দেখিবলৈ পোৱা ছবিয়ে চকু কপালত তুলিছে সচেতন মহলৰ। জনপ্ৰতিনিধি বা চৰকাৰ প্ৰসাশনে এই সৰ্বস্বান্ত লোকসকলৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? এয়া এক ডাঙৰ প্ৰশ্ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।