দক্ষিণ মৰিচা খাঁ পাৰাত পহুমাৰা নদীৰ ওপৰত থকা বাঁহৰ সাঁকোৱে কন্দুৱাইছে পথচাৰীক

 06/28/2019 - 16:42

বৰপেটাঃ কয়াকুছিৰ সমীপৱৰ্তী দক্ষিণ মৰিচা খাঁ পাৰাত পহুমাৰা নদীৰ ওপৰত থকা বাঁহৰ সাঁকোৱে দীৰ্ঘদিনে কন্দুৱাইছে সৰ্বস্তৰৰ ৰাইজক। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পূৱ বেতবাৰী আৰু পশ্চিম পাকা গাঁও পঞ্চায়তৰ ৰাইজৰ সংযোগী হোৱাৰ একমাত্ৰ আশা-ভৰসাৰ পথ হিচাপে পৰিচিত উক্ত খাঁ পাৰাৰ সাঁকোখনে যমৰ যাতনা ভুগাইছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে কৃষক আৰু সৰ্বস্তৰৰ ৰাইজক।

ব্যক্তিগতভাৱে পৰিচালিত উক্ত সাঁকোৰ বাবে ওচৰ চুবুৰীয়াৰ পৰা বছৰেকীয়া ধন বা চাদা আদায় লৈ পৰিচালনা কৰি আছে যদিও চৰকাৰীভাৱে কোনো ডাকত নাযায় দলংখন। যাৰ বাবে চৰকাৰেও কোনো কৰ বা ৰাজহ নাপায়। সাত মাহমান আগতে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজহুৱা সভাত বাঁহৰ সাঁকোৰ ঠাইত এখনি কাঠৰ দলঙৰ কাম শুভাৰম্ভৰ ফলক পুতিছিল যদিও কামৰ চিন চাব বিচাৰি পাবলৈ নাই।

বৰ্তমানে কামৰ নামবিহীন আৰু এখনি কাম ফলকৰ ইটাৰ গাঁথনি ৰাইজৰ পৰিলক্ষিত হৈছে যদিও দলংখনৰ নিৰ্মাণ খৰচৰ পৰিমাণ, শুভাৰম্ভৰ তাৰিখ বা সমাপ্তৰ সময়ৰ কোনো ফলক বিচাৰি পাবলৈ নাই। ইফালে ঠিকাদাৰে কামটো সম্পন্ন কৰাৰ বাবে কেনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। দুদিনৰ প্ৰৱল বৰষুণত বাঢ়নি পানীয়ে বাঁহৰ সাঁকোৰ দক্ষিণৰ অংশটো খহাই নিয়াত স্থানীয় ৰাইজৰ যোগাযোগ ব্যাহত হৈ পৰিছে।

পুৱাৰ ভাগত ছয় মহিলী পৰীক্ষাৰ্থী পাৰ হ’ব নোৱৰাৰ নদীৰ সিপাৰত মৃত্যু হোৱা এগৰাকী ব্যক্তি সোমেজ আলীৰ আত্মীয়-স্বজন নদীৰ ইপাৰে ইনাই বিনাই সময় পাৰ কৰিবলগীয়া হৈছে। ইপিনে সাঁকোখনৰ মালিকে আজিহে নাও ভাল কৰাত ব্যস্ত হৈ পৰিছে। সময়তহে জনা যাব স্থানীয় গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰতিনিধিৰ সৈতে স্থানীয় বিধায়ক আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।