ঘৰৰ ভিতৰতে বিজেপি কৰ্মীক গুলীয়াই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

 06/28/2019 - 17:07

ডিজিটেল ডেস্কঃ দিল্লীৰ ৰোহানী কঞ্জাৱানাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৬০ বছৰীয়া বিজেপিৰ মহিলা কৰ্মী ৰাজৰাণী আৰু তেওঁৰ ৩০ বছৰীয়া পুত্ৰ নেত্ৰপালক ঘৰৰ ভিতৰতেই সোমাই গুলীয়াই হত্যাৰ চেষ্টা চলালে দুৰ্বৃত্তই। মহিলাগৰাকীৰ ভৰিত গুলী লগাৰ বিপৰীতে পুত্ৰৰ পেটত লাগিছে গুলীৰ আঘাত। আহত মহিলাগৰাকীৰ ভতিজাকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ আৰক্ষীৰ।

গুৰুতৰভাবে আহত মাতৃ পুত্ৰক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্ত্তি কৰোৱা হয়। সম্পত্তিকেন্দ্ৰিক বিবাদৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে আৰক্ষীয়ে। সম্পত্তিক লৈ দুয়োপক্ষৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আহিছিল বিবাদ। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।