শিলচৰত চাঞ্চল্যকৰ ঘটনাঃ তিনিজন হজযাত্ৰীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমন

 06/28/2019 - 17:10

ডিজিটেল ডেস্কঃ শিলচৰ চহৰৰ মাজমজিয়াত চেণ্ট্ৰেল ৰোডত তিনিজন হজযাত্ৰীৰ ওপৰত আক্ৰমন কৰে এটা দুৰ্বৃত্তৰ দলে। হজযাত্ৰীকেইজনৰ ঘৰ ধলাই সমষ্টিৰ ভাগা বজাৰত। হজত যোৱাৰ বাবে জিলা প্ৰশাসনৰ পৰা প্ৰদান কৰা পৰিচয় পত্ৰ নিবলৈ অহাৰ সময়তে লোক কেইজনক আক্ৰমন কৰে দুৰ্বৃত্তৰ দলে।

ভুক্তভোগী লোককেইজন ক্ৰমে জমিৰ উদ্দিন লস্কৰ, আব্দুল খালেক চৌধুৰী আৰু নাজিৰ আহমেদ লস্কৰ। শিলচৰ সদৰ থানাত ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোক কেইজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।